মানুহ কিমান তললৈ নামিব পাৰে? কেতিয়াও নুশুনা এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। চুবুৰীয়াৰ সৈতে শত্ৰুতা আছিল এজন লোকৰ। শত্ৰু চুবুৰীয়াক মিছা গোচৰত জে’লৰ ভাত খুৱাবলৈ এজন লোকে যি কাণ্ড কৰিলে সেই কথা শুনিলে আপোনাৰো বুকু কঁপি উঠিব। আৰক্ষীৰ তদন্তত সম্প্ৰতি ২৬ মাহ ধৰি চলা এক হ*ত্যাকাণ্ডৰ মূল হত্যাকাৰীৰ পৰিচয় পোহৰলৈ আহিছে।
উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ ভামোৰা থানা এলেকাৰ কুড্ডা গাঁৱত সংঘটিত ৫৫ বছৰীয়া ৰামবেতী নামৰ এগৰাকী মহিলাৰ হ*ত্যাকাণ্ডৰ ৰহস্য অৱশেষত আৰক্ষীয়ে সমাধান কৰিছে। প্ৰায় ২৬ মাহ ধৰি চলা তদন্তৰ অন্তত এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মৃ*ত মহিলাগৰাকীৰ দ্বিতীয় পুত্ৰ মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ পিছতে ৰামবেতীৰ পৰিয়ালে কেইজনমান চুবুৰীয়াৰ বিৰুদ্ধে হ*ত্যাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু SITৰ তদন্তত পোহৰলৈ আহে যে, পৰিয়ালে সন্দেহ কৰা লোকসকল এই ঘটনাৰ সৈতে জড়িত নাছিল। আৰক্ষীৰ মতে, ব্যক্তিগত শত্ৰুতা আৰু পুৰণি বিবাদৰ প্ৰতিশোধ ল’বলৈ মহেন্দ্ৰই নিজৰ মাতৃক হ*ত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল।
২০২৪ চনৰ ৬ আগষ্টৰ পুৱা ৰামবেতীক ঘৰৰ বাহিৰত শুই থকা অৱস্থাত হ*ত্যা কৰা হৈছিল। ঘটনাৰ পিছত মৃতকৰ পুত্ৰ গজেন্দ্ৰই তেওঁৰ খুলশালীয়েক নাথু সিং, সৰ্বেশ, সুৰেন্দ্ৰ, বীৰেন্দ্ৰ, ছোহোটেলাল আৰু পিছলৈ বিৰেশ ওৰফে বাবাৰ নাম উল্লেখ কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি নাম উল্লেখ কৰা লোকসকলক জেৰা কৰে। কিন্তু প্ৰায় এবছৰ ধৰি তদন্ত চলোৱাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে হ*ত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কোনো শক্তিশালী প্ৰমাণ লাভ কৰা নাছিল।
গোচৰটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বৰেলীৰ এছ এছ পি অনুৰাগ আৰিয়াই দক্ষিণৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰে। তদন্তৰ দায়িত্ব দিয়া হয় কেণ্ট পৰিদৰ্শক সঞ্জয় ধীৰক। তদন্তৰ অংশ হিচাপে নাম উল্লেখ কৰা অভিযুক্তসকলৰ দিল্লীৰ CBI লেবৰেটৰীত পলিগ্ৰাফ পৰীক্ষাও কৰা হয়। কিন্তু পৰীক্ষাত তেওঁলোকৰ হ*ত্যাকাণ্ডত জড়িত থকাৰ কোনো তথ্য পোৱা নগ’ল। পৰৱৰ্তী সময়ত আদালতে তেওঁলোকক এই গোচৰৰ পৰা দোষমুক্ত কৰে।
নাম উল্লেখ কৰা অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰমাণ নোপোৱাৰ পিছতো আৰক্ষীয়ে তদন্ত বন্ধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে গোচৰীয়া পক্ষ আৰু পৰিয়ালৰ সদস্যসকলৰ ভূমিকাও পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। এই তদন্তৰ সময়তে ৰামবেতীৰ দ্বিতীয় পুত্ৰ মহেন্দ্ৰ আৰক্ষীৰ সন্দেহৰ আওতালৈ আহে। তেওঁক সোধা-পোছাৰ বাবে মাতি আনি কেণ্ট পৰিদৰ্শক সঞ্জয় ধীৰে জেৰা কৰে। আৰক্ষীৰ মতে, দীঘলীয়া জেৰাৰ পিছত মহেন্দ্ৰই হ*ত্যাকাণ্ডৰ সৈতে নিজৰ জড়িত থকাৰ কথা স্বীকাৰ কৰে।
আৰক্ষীৰ মতে, প্ৰথমে যিকেইজন চুবুৰীয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল সেই চুবুৰীয়াকেইজনৰ সৈতে মহেন্দ্ৰৰ দীৰ্ঘদিনীয়া বিবাদ আছিল। সেই বিবাদৰ প্ৰতিশোধ লোৱাৰ লগতে তেওঁলোকক হ*ত্যাকাণ্ডৰ মিছা গোচৰেৰে জালত পেলাবলৈ মহেন্দ্ৰই নিজৰ মাতৃক হ*ত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে। তদন্তত হ*ত্যাৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















