• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

3 weeks ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

7 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

8 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

8 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

9 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

10 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

11 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

11 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

12 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

12 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

14 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

14 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

বুকু কঁপি উঠা শিহৰণকাৰী ঘটনা

editor by editor
October 3, 2026
in অপৰাধ, ভাৰত, লেখা
0
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহ কিমান তললৈ নামিব পাৰে? কেতিয়াও নুশুনা এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। চুবুৰীয়াৰ সৈতে শত্ৰুতা আছিল এজন লোকৰ। শত্ৰু চুবুৰীয়াক মিছা গোচৰত জে’লৰ ভাত খুৱাবলৈ এজন লোকে যি কাণ্ড কৰিলে সেই কথা শুনিলে আপোনাৰো বুকু কঁপি উঠিব। আৰক্ষীৰ তদন্তত সম্প্ৰতি ২৬ মাহ ধৰি চলা এক হ*ত্যাকাণ্ডৰ মূল হত্যাকাৰীৰ পৰিচয় পোহৰলৈ আহিছে।

উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ ভামোৰা থানা এলেকাৰ কুড্ডা গাঁৱত সংঘটিত ৫৫ বছৰীয়া ৰামবেতী নামৰ এগৰাকী মহিলাৰ হ*ত্যাকাণ্ডৰ ৰহস্য অৱশেষত আৰক্ষীয়ে সমাধান কৰিছে। প্ৰায় ২৬ মাহ ধৰি চলা তদন্তৰ অন্তত এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মৃ*ত মহিলাগৰাকীৰ দ্বিতীয় পুত্ৰ মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ পিছতে ৰামবেতীৰ পৰিয়ালে কেইজনমান চুবুৰীয়াৰ বিৰুদ্ধে হ*ত্যাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু SITৰ তদন্তত পোহৰলৈ আহে যে, পৰিয়ালে সন্দেহ কৰা লোকসকল এই ঘটনাৰ সৈতে জড়িত নাছিল। আৰক্ষীৰ মতে, ব্যক্তিগত শত্ৰুতা আৰু পুৰণি বিবাদৰ প্ৰতিশোধ ল’বলৈ মহেন্দ্ৰই নিজৰ মাতৃক হ*ত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল।

২০২৪ চনৰ ৬ আগষ্টৰ পুৱা ৰামবেতীক ঘৰৰ বাহিৰত শুই থকা অৱস্থাত হ*ত্যা কৰা হৈছিল। ঘটনাৰ পিছত মৃতকৰ পুত্ৰ গজেন্দ্ৰই তেওঁৰ খুলশালীয়েক নাথু সিং, সৰ্বেশ, সুৰেন্দ্ৰ, বীৰেন্দ্ৰ, ছোহোটেলাল আৰু পিছলৈ বিৰেশ ওৰফে বাবাৰ নাম উল্লেখ কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি নাম উল্লেখ কৰা লোকসকলক জেৰা কৰে। কিন্তু প্ৰায় এবছৰ ধৰি তদন্ত চলোৱাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে হ*ত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কোনো শক্তিশালী প্ৰমাণ লাভ কৰা নাছিল।

গোচৰটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বৰেলীৰ এছ এছ পি অনুৰাগ আৰিয়াই দক্ষিণৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰে। তদন্তৰ দায়িত্ব দিয়া হয় কেণ্ট পৰিদৰ্শক সঞ্জয় ধীৰক। তদন্তৰ অংশ হিচাপে নাম উল্লেখ কৰা অভিযুক্তসকলৰ দিল্লীৰ CBI লেবৰেটৰীত পলিগ্ৰাফ পৰীক্ষাও কৰা হয়। কিন্তু পৰীক্ষাত তেওঁলোকৰ হ*ত্যাকাণ্ডত জড়িত থকাৰ কোনো তথ্য পোৱা নগ’ল। পৰৱৰ্তী সময়ত আদালতে তেওঁলোকক এই গোচৰৰ পৰা দোষমুক্ত কৰে।

নাম উল্লেখ কৰা অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰমাণ নোপোৱাৰ পিছতো আৰক্ষীয়ে তদন্ত বন্ধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে গোচৰীয়া পক্ষ আৰু পৰিয়ালৰ সদস্যসকলৰ ভূমিকাও পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। এই তদন্তৰ সময়তে ৰামবেতীৰ দ্বিতীয় পুত্ৰ মহেন্দ্ৰ আৰক্ষীৰ সন্দেহৰ আওতালৈ আহে। তেওঁক সোধা-পোছাৰ বাবে মাতি আনি কেণ্ট পৰিদৰ্শক সঞ্জয় ধীৰে জেৰা কৰে। আৰক্ষীৰ মতে, দীঘলীয়া জেৰাৰ পিছত মহেন্দ্ৰই হ*ত্যাকাণ্ডৰ সৈতে নিজৰ জড়িত থকাৰ কথা স্বীকাৰ কৰে।

আৰক্ষীৰ মতে, প্ৰথমে যিকেইজন চুবুৰীয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল সেই চুবুৰীয়াকেইজনৰ সৈতে মহেন্দ্ৰৰ দীৰ্ঘদিনীয়া বিবাদ আছিল। সেই বিবাদৰ প্ৰতিশোধ লোৱাৰ লগতে তেওঁলোকক হ*ত্যাকাণ্ডৰ মিছা গোচৰেৰে জালত পেলাবলৈ মহেন্দ্ৰই নিজৰ মাতৃক হ*ত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে। তদন্তত হ*ত্যাৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.