মুম্বাইৰ মিথি নদীৰ ডিচিল্টিং আৰু সজীৱকৰণ প্ৰকল্পত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগত বলীউডৰ অভিনেতা ডিনো মাৰিয়াক মুম্বাই আৰক্ষীৰ ইকনমিক অফেন্সেছ উইং (EOW)-এ গ্ৰেপ্তাৰ কৰিছে। মিড-ডেৰ প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ ২ অক্টোবৰত অভিনেতাজনক জিম্মাত লোৱা হয়। প্ৰকল্পটোৰ সৈতে জড়িত বিত্তীয় অনিয়মৰ তদন্তৰ অংশ হিচাপেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, গ্ৰেপ্তাৰৰ পূৰ্বে EOWৰ বিষয়াসকলে মুম্বাইৰ বান্দ্ৰাস্থিত ডিনো মাৰিয়াৰ বাসগৃহত প্ৰায় আঠ ঘণ্টা ধৰি জেৰা চলায়। তদন্তকাৰীসকলে মিথি নদীৰ ডিচিল্টিং কামৰ ঠিকা, ধন পৰিশোধ আৰু প্ৰকল্পটোৰ সৈতে জড়িত বিভিন্ন বিত্তীয় লেনদেনৰ বিষয়ে অভিনেতাজনক প্ৰশ্ন কৰে।
মুম্বাইৰ মিথি নদীৰ ডিচিল্টিং আৰু পুনৰুজ্জীৱিতকৰণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। EOW-এ এই অভিযোগৰ তদন্ত চলাই আছে। তদন্তত মুম্বাই পৌৰ নিগম (BMC)-ৰ প্ৰায় ৬৫.৫৪ কোটি টকাৰ লোকচান হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই গোচৰত ঠিকাদাৰ, মধ্যভোগী আৰু কিছু নাগৰিক বিষয়াৰ ভূমিকা সন্দৰ্ভতো তদন্ত চলি আছে। বিশেষকৈ বিভিন্ন কামৰ ঠিকা কেনেদৰে দিয়া হৈছিল আৰু তাৰ বিপৰীতে ধন কেনেদৰে পৰিশোধ কৰা হৈছিল, সেই বিষয়বোৰ তদন্তৰ আওতাত আছে।
মিথি নদী কেলেংকাৰিৰ তদন্তত ডিনো মাৰিয়াৰ নাম পূৰ্বেও পোহৰলৈ আহিছিল। যোৱা বছৰৰ জুন মাহত ED-এ অভিনেতাজনৰ মুম্বাইৰ বাসগৃহত প্ৰায় ১৪ ঘণ্টা ধৰি তালাচী চলাইছিল। ডিনো মাৰিয়াৰ ঘৰৰ উপৰিও ED-এ মুম্বাই আৰু কোচিৰ আন ১৪টা স্থানতো একেলগে অভিযান চলাইছিল। অভিনেতাজনৰ ভাতৃৰ বাসগৃহৰ লগতে কেইবাজনো ঠিকাদাৰ আৰু মধ্যভোগীৰ সম্পত্তিতো তালাচী চলাইছিল।
তদন্তৰ সময়ত EOW-এ ‘UBO Ridez’ নামৰ এটা কোম্পানীলৈ ১৮ লাখ টকা স্থানান্তৰ হোৱাৰ তথ্য লাভ কৰে। এই কোম্পানীটোৰ সঞ্চালক হিচাপে ডিনো মাৰিয়াৰ ভাতৃ ছাণ্টিনো মৰেয়াৰ নাম আছে। আৰক্ষীৰ অভিযোগ অনুসৰি, গোচৰটোৰ অন্যতম মূল অভিযুক্ত কেতন কদমে এই ১৮ লাখ টকা UBO Ridez-লৈ স্থানান্তৰ কৰিছিল। এই ধনৰ লেনদেনৰ উদ্দেশ্য আৰু ইয়াৰ সৈতে মিথি নদীৰ ডিচিল্টিং প্ৰকল্পৰ সম্পৰ্ক কি, সেই বিষয়েও তদন্ত চলি আছে। মিথি নদী ডিচিল্টিং কেলেংকাৰিৰ তদন্তত কেতন কদমৰ নামো গুৰুত্বপূৰ্ণভাৱে পোহৰলৈ আহিছে। ‘Vodar India LLP’ৰ সৈতে জড়িত কেতন কদমক ২০২৫ চনতে মিথি নদী খনন সম্পৰ্কীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
তদন্তকাৰীসকলে জানিব পৰা মতে, ‘Vodar India LLP’ আৰু ‘UBO Ridez’—দুয়োটা কোম্পানীয়ে মুম্বাইৰ ৱৰ্লিৰ ফেমাছ ষ্টুডিঅ’ৰ ওচৰত একেটা ঠিকনাৰ পৰা কাম কৰিছিল। বৰ্তমান EOW-এ মিথি নদীৰ ডিচিল্টিং প্ৰকল্পত ধনৰ লেনদেন, ঠিকা প্ৰদান আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ ভূমিকা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ডিনো মৰেয়াক জেৰা আৰু গ্ৰেপ্তাৰৰ জৰিয়তে তদন্তকাৰীসকলে এই কথিত বিত্তীয় অনিয়মৰ অধিক তথ্য পোহৰলৈ অনাৰ চেষ্টা চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















