• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

3 days ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

31 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

দুৰ্গাপূজাক লৈ প্ৰশাসনৰ SOP

editor by editor
October 2, 2026
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাৰদীয় দুৰ্গাপূজাক লৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। পূজা উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, যান-জঁট, অগ্নিকাণ্ড বা আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে জাৰি কৰিছে বিশেষ SOP। এই SOP অনুসৰি প্ৰতিখন পূজা কমিটিয়ে নিৰ্দিষ্ট নীতি-নিয়ম মানি চলিব লাগিব। নিয়ম উলংঘা কৰিলে পূজা কমিটিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

থানাৰ পৰা লিখিত অনুমতি বাধ্যতামূলক

প্ৰতিখন পূজা কমিটিয়ে পূজা অনুষ্ঠিত কৰাৰ পূৰ্বে স্থানীয় থানাৰ পৰা লিখিত অনুমতি ল’ব লাগিব। অনুমতি অবিহনে পূজা আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰি মণ্ডপত অস্থায়ী বিদ্যুৎ সংযোগৰ বাবে APDCLৰ পৰা অনুমতি লোৱাটোও বাধ্যতামূলক কৰা হৈছে।

সাংস্কৃতিক অনুষ্ঠানৰ বাবেও আগতীয়া অনুমতি

পূজা মণ্ডপত যদি সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান বা আন কোনো কাৰ্যসূচী আয়োজন কৰা হয়, তেন্তে সেই বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিব লাগিব। একেদৰে পূজা মণ্ডপ নিৰ্মাণৰ সময়ত কোনো ৰাজহুৱা ৰাস্তা, পদপথ বা বাইলেন বন্ধ কৰি ৰখা বা সাধাৰণ জনতাৰ চলাচলত বাধা সৃষ্টি কৰিব নোৱাৰিব।

প্লাষ্টিক আৰু থাৰ্মকল ব্যৱহাৰত নিষেধাজ্ঞা

মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা দিয়া হৈছে। প্লাষ্টিক, থাৰ্মকল বা পলিথিন ব্যৱহাৰ কৰি মূৰ্তি নিৰ্মাণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পূজা মণ্ডপত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে খোৱা পানীৰ ব্যৱস্থাও ৰাখিব লাগিব।

২৪ ঘণ্টাই চলিব লাগিব CCTV

নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিটো পূজা মণ্ডপত CCTV কেমেৰা স্থাপন কৰিব লাগিব আৰু সেই কেমেৰা ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰাখিব লাগিব। পূজা কমিটিয়ে মণ্ডপৰ নিৰাপত্তাৰ দায়িত্বত থকা স্বেচ্ছাসেৱকসকলৰ নাম আৰু ফোন নম্বৰ স্থানীয় থানাত জমা দিব লাগিব। ইয়াৰ লগতে মণ্ডপৰ সন্মুখত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জৰুৰীকালীন ফোন নম্বৰ উল্লেখ থকা বেনাৰ আঁৰি থ’ব লাগিব।

DJ সম্পূৰ্ণ নিষিদ্ধ, মাইকৰ শব্দৰ ক্ষেত্ৰতো নিয়ম

দুৰ্গাপূজাৰ সময়ত DJ বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আনহাতে, মাইক ব্যৱহাৰ কৰিলেও শব্দৰ মাত্ৰা ৬০ ডেচিবেলৰ ওপৰলৈ নিব নোৱাৰিব। অতি উচ্চ শব্দত মাইক বা লাউডস্পীকাৰ ব্যৱহাৰ কৰি যাতে সাধাৰণ জনতা, বৃদ্ধ, শিশু আৰু অসুস্থ লোকৰ অসুবিধা নহয়, তাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।

মণ্ডপৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্ব পূজা কমিটিৰ

পূজা মণ্ডপ আৰু ইয়াৰ চৌহদৰ আৱৰ্জনা পূজা কমিটিয়ে নিজেই পৰিষ্কাৰ কৰিব লাগিব। ইয়াৰ বাবে মণ্ডপত পৰ্যাপ্ত সংখ্যক ডাষ্টবিন ৰখাৰ নিৰ্দেশ দিয়া হৈছে। লগতে যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মণ্ডপত Emergency Exit Gateৰ ব্যৱস্থা থাকিব লাগিব।

বিসৰ্জনৰ সময়তো থাকিব বিশেষ সতৰ্কতা

দেৱী প্ৰতিমা বিসৰ্জনৰ সময়ত প্ৰতিমাৰ সৈতে প্লাষ্টিক, কাপোৰ বা অন্যান্য নিষিদ্ধ সামগ্ৰী নদীত পেলাব নোৱাৰিব। পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিসৰ্জনৰ সময়ত এই নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব।

মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত পাৰ্কিং নিষিদ্ধ

যান-জঁট নিয়ন্ত্ৰণৰ বাবেও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিটো পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। পূজা মণ্ডপৰ ভিতৰ আৰু সমীপৱৰ্তী অঞ্চলত ‘No Tobacco’ আৰু ‘No Alcohol’ৰ বেনাৰ আঁৰি থ’ব লাগিব। মণ্ডপত সুৰা বা গুটখা সেৱনো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

মণ্ডপৰ আকাৰ অনুসৰি ভক্তৰ প্ৰৱেশ

পূজা মণ্ডপৰ আকাৰ আৰু পৰিসৰৰ ওপৰত ভিত্তি কৰি ভক্ত তথা দৰ্শনাৰ্থীৰ প্ৰৱেশৰ ব্যৱস্থা কৰিব লাগিব। অতিৰিক্ত ভিৰ যাতে সৃষ্টি নহয় আৰু কোনো ধৰণৰ পদপিষ্টৰ দৰে পৰিস্থিতি নঘটে, তাৰ বাবে পূজা কমিটিসমূহে এই নিয়ম মানি চলিব লাগিব। ইয়াৰ উপৰি পূজা মণ্ডপৰ সমীপত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব।

দাবী কৰি বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব

পূজা আয়োজনৰ নামত কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা দাবী কৰি বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব পূজা কমিটিয়ে। পূজাৰ নামত জোৰ-জবৰদস্তি বা দাবী কৰি ধন সংগ্ৰহ কৰাটো SOP অনুসৰি নিষিদ্ধ কৰা হৈছে।

সামগ্ৰিকভাৱে, সুৰক্ষা, যান-বাহন নিয়ন্ত্ৰণ, শব্দ প্ৰদূষণ, পৰিৱেশ সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব দি কামৰূপ মহানগৰ প্ৰশাসনে এই SOP প্ৰস্তুত কৰিছে। সেয়ে এইবাৰ দুৰ্গাপূজা আয়োজন কৰা প্ৰতিখন কমিটিয়ে প্ৰশাসনৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24durga puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.