বজাৰলৈ আহিল ‘ডিজিটেল কেম্ডম’! কি এই এপ? কি লাভ বা লোকচান হব ইয়াৰ দ্বাৰা?
ডিজিটেল জগতত যিকোনো কামেই সম্ভৱ। এইবাৰ এই ধাৰা অব্যাহত ৰাখি ডিজিটেল কণ্ডমো মুকলি কৰা হৈছে। ইয়াক CAMDOM app বুলি জনা গৈছে। আচলতে ই এটা এপৰ বাহিৰে আন একো নহয়। ইয়াক সাধাৰণ ভাষাত কণ্ডম বুলিয়ে কোৱা হৈছে।
এই কণ্ডমৰ উদ্দেশ্য হৈছে যৌন সম্পৰ্কৰ সময়ত সন্মতি অবিহনে ৰেকৰ্ডিং কৰাৰ পৰা সুৰক্ষা প্ৰদান কৰা। এই নতুন এপটোৱে ছ’চিয়েল মিডিয়াৰ জগতখনত আলোড়নৰ সৃষ্টি কৰিছে, য’ত মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। কিছুমানে দেখি আচৰিত হৈ প্ৰশ্ন উত্থাপন কৰিছে, আনহাতে কিছুমানে প্ৰশংসা কৰিছে।
জাৰ্মানীৰ চেক্সুৱেল হেল্থ ব্ৰেণ্ড বিলি বয়ে মুকলি কৰিছে এক অনন্য এপ। অনুমতি অবিহনে অন্তৰংগ মুহূৰ্তত ভিডিঅ’-অডিঅ’ ৰেকৰ্ডিং ৰোধ কৰাৰ লক্ষ্যৰে কোম্পানীটোৱে এই এপ আনিছে। ইয়াৰ অধীনত ব্যৱহাৰকাৰীয়ে ব্লুটুথৰ জৰিয়তে নিজৰ স্মাৰ্টফোনৰ কেমেৰা আৰু মাইক্ৰ’ফোন ব্লক কৰিব পাৰে, যাৰ ফলত কোনো ধৰণৰ অসন্মতিসূচক ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ডিং ৰোধ কৰিব পৰা যায়।
যাৰ বাবে আপোনাৰ ব্যক্তিগত মুহূৰ্তবোৰ অধিক নিৰাপদ হৈ থাকে। ইণ্টাৰনেটত এই এপটোৰ বিষয়ে চৰ্চা চলিছে। কিছুমানে এই উদ্ভাৱনক ভাল বুলি বিবেচনা কৰাৰ বিপৰীতে কিছুমানে ইয়াক আজে বাজে কথা বুলি কৈছে।
গোপনীয়তা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ কেমডম এপটোও ব্যৱহাৰ কৰাটো সহজ। ইয়াৰ বাবে আপুনি মাত্ৰ ফোনত এপটো খুলি ভাৰ্চুৱেল বুটামটো চোৱাইপ কৰিব লাগিব। ইয়াৰ বাবে ফোনটোৰ মাইক্ৰ’ফোন আৰু কেমেৰা ব্লক হৈ যায়। আনজনৰ ফোনতো একে কাম কৰিব পাৰে।
ভাৰ্চুৱেল বুটামটো এবাৰ চোৱাইপ কৰিলে, যদি অংশগ্ৰহণকাৰীসকলৰ কোনোবাই কেমেৰা বা মাইক্ৰ’ফোন অন কৰে, তেন্তে এলাৰ্মৰ জৰিয়তে এটা সতৰ্কবাণী লাভ কৰা হয়। এই এপৰ জৰিয়তে কেমেৰা আৰু মাইক্ৰ’ফোন একেলগে একাধিক ডিভাইচত ব্লক কৰিব পাৰি।
কোম্পানীটোৱে কয় যে ব্যক্তিগত মুহূৰ্তক অডিঅ’-ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰা ৰক্ষা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। এই পৰিস্থিতিত এই এপটো কামত আহে আৰু ই বহু পৰিমাণে সুৰক্ষা প্ৰদান কৰে। কেমডম এপে কোনো ভুল কাৰ্য্যকলাপ হ’লে সতৰ্কবাণীও দিয়ে। ইয়াত লগে লগে এলাৰ্ম বাজিবলৈ আৰম্ভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ