হম আপকে হেৰ পাছত আৰু কোনো চিনামাতেই নাপালে কাম, পাছে বৰ্তমানে ভাৰতৰ প্ৰতিঘৰতে জনপ্ৰিয়
এগৰাকী জনপ্ৰিয় লোক, নিজৰ অভিনয়েৰে প্ৰিয় লোক হৈ পৰিছে প্ৰায় প্ৰতিঘৰ ভাৰতীয়ৰে। কিন্তু জানেনে কেৱল মাত্ৰ এখন চিনেমাতেই কাম কৰিবলৈ পাইছিল এইগৰাকী অভিনেতাই।
কেৱল ছলমান খান আৰু মাধুৰি দিক্ষিত অভিনিত হম আপকে হে কোন চিনেমাত কৰিছিল কাম। তাৰ পাছত আৰু কোনোদিনে কোনো চিনেমাতে কাম নাপালে এইগৰাকী অভিনেতাই। কিন্তু তথাপি নিজৰ অভিনয়েৰে দেশৰ কোটি কোটি দৰ্শকৰ মন জয় কৰিছে ।
সেই অভিনেতাগৰাকীয়েই হৈছে দিলীপ জোশী। নাম শুনি হয়তো চিনি পোৱাত কিছু অসুবিধা হলেও এটা বিশেষ চৰিত্ৰৰ নাম কলে এতিয়াই আপোনাৰ মুখলৈ হাঁহি বিৰিঙি উঠিব। সেই নাম হৈছে জেঠালাল। হয় সেই অভিনেতাগৰাকীয়েই গৈছে তাৰক মেহতা কা উল্টা চশমা ধাৰাবাহিকৰ জেঠালাল।

জেঠালাল চৰিত্ৰৰে সমগ্ৰ দেশবাসীৰে প্ৰিয় হোৱা দিলিপ জোশীয়ে পাছে ছলমান-মাধুৰি অভিনিত হম আপকে হে কোন (১৯৯৪) চিনেমাত কাম কৰাৰ পাছত আৰু কোনো চিনেমাত কাম নাপালে। তাৰ পাছতে সৰু পৰ্দাৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে।
সৰু পৰ্দাতো বহু কষ্ট কৰে, কিন্তু ২০০৮ চনতহে ভাগ্য উদয় হয়। তাৰক মেহতা কা উল্টা চশমা আৰম্ভ হোৱাত সেই হাস্যমধুৰ ধাৰাবাহিকত জেঠালাল চৰিত্ৰ লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















