মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সময়ে সময়ে এনে বক্তব্য দি আছে, যিয়ে যুদ্ধৰ কমি অহা উত্তাপক পুনৰ জগাই তুলিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যও ১ তাৰিখৰ তুলনাত প্ৰায় ২০০ টকা বৃদ্ধি পাইছে, যাৰ ফলত অনাগত দিনত হোটেলৰ দাম বৃদ্ধি হ’ব পাৰে।
শেহতীয়াকৈ এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পিছত হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়াই ল’ব বিচাৰিছে নতুন সিদ্ধান্ত। তেওঁলোকে কয় যে, পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে ইতিমধ্যে হেঁচাত ডুব যোৱা হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে তেওঁলোকৰ খৰচৰ প্ৰায় ২০ শতাংশ বৃদ্ধিৰ ক্ষতিপূৰণৰ বাবে খাদ্যৰ মূল্য বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে।
এইচ আৰ ডব্লিউ আইৰ মুখপাত্ৰ প্ৰদীপ শ্বেট্টীয়ে কয়, ২৮ ফেব্ৰুৱাৰীৰ পৰা সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা হোটেল উদ্যোগৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে সঘনাই বন্ধ হোৱা, কৰ্মৰ সময় হ্ৰাস পোৱা, মেনু সলনি কৰা, আৰু বিকল্প ৰন্ধন পদ্ধতি গ্ৰহণ কৰা।
তেওঁ কয় যে ব্যৱসায়ও হ্ৰাস পাইছে, যাৰ ফলত সামগ্ৰিক ব্যৱসায়ত প্ৰভাৱ পৰিছে। এই সকলোবোৰ কাৰকৰ বাবে মুঠ খৰচ প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। শ্বেট্টিয়ে ব্যাখ্যা কৰে যে শেহতীয়াকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে হ্ৰাস পোৱা লাভৰ ওপৰত আৰু অধিক হেঁচা প্ৰয়োগ কৰিছে। হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে বৃদ্ধি পোৱা খৰচ পূৰণৰ বাবে খাদ্যৰ দাম বৃদ্ধি কৰাৰ বাহিৰে আন উপায় নাই।
সমগ্ৰ দেশতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাই আছে। যদিও চৰকাৰে কৈছে তেনে হোৱা নাই, কিন্তু একাংশই উৰাবাতৰি বিয়পাই ফুৰিছে। ইয়াৰ ফলত একাংশ ব্যৱসায়ে মূল্য বৃদ্ধি কৰিছে। আই অ’ চি এলৰ তথ্য অনুসৰি কেৱল এপ্ৰিল মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















