ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন
লোকসভাত উত্থাপন হৈছে ৱাকফ সংশোধনী বিধেয়ক। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত আলোচনাৰ বাবে উত্থাপন কৰে বিধেয়কখন। অধ্যক্ষ ওম বিৰলাই এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে ৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিয়ে। প্ৰয়োজন হ’লে অধ্যক্ষই সময় বৃদ্ধি কৰিব পাৰে।
চৰকাৰে আজি খোদ লোকসভাৰ পৰা বিধেয়কখন গৃহীত কৰাৰ চেষ্টা চলাইছে তাৰ পিছত ৰাজ্যসভাত দাখিল কৰা হ’ব বিধেয়কখন।
পাছে কোনে কিমান সময় লাভ কৰে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে। এন ডি এক দিয়া হৈছে ৪ ঘন্টা ৪০ মিনিট।
বাকী ৩ ঘন্টা ২০ মিনিট সময় বিৰোধীয়ে লাভ কৰে।
অৱশ্যে বিৰোধীয়ে আলোচনাৰ বাবে ১২ ঘন্টা সময় বিচাৰিছিল। এই সন্দৰ্ভত ৰিজিজুৱে কয় যে আলোচনাৰ সময় বৃদ্ধি কৰিব পাৰি।
ইফালে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি অৰ্থাৎ টিডিপি আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড অর্থাৎ জেডিইউয়ে বিধেয়কখনক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। লগতে দুয়োটা দলে নিজৰ সকলো সাংসদক সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।
ইফালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত বিৰোধীৰ পক্ষ দাখিল কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ এই বিধেয়ক সন্দৰ্ভত মোডী চৰকাৰক কঠোৰভাৱে লক্ষ্য কৰি লয়। তেওঁ কয় যে ৱাকফ বিধেয়ক সংশোধনতো তেওঁলোকৰ এটাই গাইড আছে আৰু সেই গাইড হৈছে ভাৰতৰ সংবিধান।
গৌৰৱ গগৈয়ে কয় যে, সংবিধানত ভাৰতত প্ৰতিজন ব্যক্তিয়ে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, ধৰ্ম আৰু পূজাৰ স্বাধীনতা লাভ কৰে। ইয়াৰ লগতে ই ব্যক্তিৰ মৰ্যাদা আৰু জাতিৰ অখণ্ডতাও নিশ্চিত কৰে। কিন্তু এই ৱাকফ বিল সংশোধনী ২০২৫ আজি সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণৰ দৰে।
উল্লেখ্য যে লোকসভাত সংখ্যা তথা ভোটৰ ওপৰত বিধেয়কখন গৃহীত হ’বনে নাই তাৰ ওপৰত নিৰ্ধাৰণ কৰিব, এই ক্ষেত্ৰত ভোটৰ খেলখন চৰকাৰৰ পক্ষত। এনে পৰিস্থিতিত এই বিধেয়কখন লোকসভাত সহজেই গৃহীত হ’ব বুলি ধাৰণা কৰা হৈছে। ৱাকফ বিধেয়কৰ সমৰ্থনত ২৯৩ জন সাংসদ থকাৰ বিপৰীতে ইয়াৰ বিৰোধী মাত্ৰ ২৩৯ জন সাংসদ, যিটো প্ৰয়োজনীয় সংখ্যাতকৈ ৩৩ জন কম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















