কালীপূজালৈ মাজত মাত্ৰ কেইটামানহে দিন৷ ইতিমধ্যেই আৰম্ভ হৈছে প্ৰস্তুতি৷ পোহৰৰ উৎসৱ দীপাৱলীক লৈ সকলোৰে থাকে বিশেষ উছাহ৷ এইবাৰ দীপাৱলি কোনদিনা পৰিছে সেই বিষয়টোক লৈ বহুতৰে মাজত বিভ্ৰান্তিও আছে৷ দীপাৱলি ৩১ অক্টোবৰ নে ১ নৱেম্বৰ? এইবছৰ ২দিন ধৰি পালিত হ’ব দীপাৱলি৷ ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰ দুদিন ধৰি চলিব দীপাৱলি৷ দীপাৱলি দুদিন ধৰি পালিত হ’লেও কালীপূজা হ’ব ৩১ অক্টোবৰ বৃহস্পতিবাৰে৷ কাৰ্তিক অমাবস্যা তিথি আৰম্ভ হ’ব ৩১ অক্টোবৰৰ দুপৰীয়া ৩বাজি ৫৫ মিনিটৰ পৰা৷ সেই নিশাই মা কালীৰ আৰাধনা কৰা হ’ব৷ তাৰ পাছৰ দিনা অৰ্থাৎ ১ নৱেম্বৰ ২০২৪ৰ পুৱা ৬ বাজি ১৫ মিনিট পৰ্যন্ত থাকিব অমাবস্যা৷ সেই দিনটোতো দীপাৱলি পালিত হব৷
দীপাৱলিত বহুতেই বজাৰ কৰে৷ বিশেষকৈ ধনতেৰছৰ সময়ত বজাৰ কৰাটো হিন্দুসকলৰ এক পৰম্পৰাই৷ ধনতেৰছ, দীপাৱলিৰ দৰে শুভ অনুষ্ঠানত কি কি সামগ্ৰী ক্ৰয় কৰিলে সুখ সমৃদ্ধি বাঢ়ে এই সন্দৰ্ভত জ্যোতিষীয়ে দিছে বিশেষ বাৰ্তা৷ বিশেষকৈ এই সময়ত প্ৰায়সংখ্যকেই সোণ, ৰূপ, কাপোৰ, বাচন, নতুন বাহন, গহনা, ইলেক্ট্ৰনিক সামগ্ৰী আদি ক্ৰয় কৰে৷ কিন্তু বজাৰ কৰোতে কেইটামান কথা মনত ৰখাটো খুবেই প্ৰয়োজন৷
জ্যোতিষ অনুসৰি ঘৰলৈ কেইটামান সামগ্ৰী আনিলে নেতিবাচক শক্তিয়ে ঘৰত ক্ৰিয়া কৰে৷ কেৱল সেয়াই নহয়, মা লক্ষ্মী ৰুষ্ট হৈ আপোনাৰ ঘৰো ত্যাগ কৰিব পাৰে৷ বিশেষকৈ ধনতেৰছৰ দিনা কলা বা গাঢ় ৰঙৰ কোনো সামগ্ৰীয়েই ঘৰলৈ আনিব নালাগে৷ এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়৷ ধনতেৰছ আৰু দীপাৱলিৰ দিনা পুৰণি বা ব্যৱহাৰ কৰা ছেকেণ্ড হেণ্ড সামগ্ৰী ভুলতো ক্ৰয় কৰিব নালাগে৷ এই দিনকেইটাত বজাৰ কৰিলে নতুন বস্তুহে ঘৰলৈ আনিব৷ এই শুভ দিনকেইটাত ছুৰি, কাঁচি বা কোনো অস্ত্ৰই ঘৰলৈ আনিব নালাগে৷ এনেকৈ ধৰাল সামগ্ৰী আনিলে ঘৰত অশান্তি বাঢ়ে, সম্পৰ্কৰ মাজত তিক্ততাই দেখা দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ