অসম লাইভ২৪ঃ হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত নৱৰাত্ৰি হৈছে অত্যন্ত মাহাত্ম্যপূৰ্ণ ধৰ্মীয় উত্সৱ। ৯দিন ধৰি দেৱী দূৰ্গাৰ ৯টা ৰূপৰ আৰাধনা কৰা হয় নৱৰাত্ৰিত। চ’ত নৱৰাত্ৰিৰ সপ্তমী, অষ্টমী, আৰু নৱমী তিথিত পালিত হয় বাসন্তী দূৰ্গা পূজা। এই সময়ত তিনি দিন ধৰি দেৱী দূৰ্গাৰ আৰাধনা কৰা হয়। বহু মানুহে ধূমধামেৰে মা দূৰ্গাৰ পূজা কৰে। বাসন্তী দুৰ্গাপূজাত দূৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ এই সময়ত কি কি কাম কৰাটো শুভ?
ঘৰ পৰিস্কাৰ কৰি ৰাখিব
বাসন্তী পূজাৰ পূৰ্বে নিজৰ ঘৰ-দুৱাৰ পৰিস্কাৰ কৰিব। কাৰণ এই সময়ত লক্ষ্মীয়ে ঘৰত বাস কৰে। আৰু লক্ষ্মী দেৱীয়ে পৰিচ্ছন্নতা ভালপায়। দূৰ্গা পূজাৰ এই সময়ত মা লক্ষ্মীক প্ৰসন্ন ৰাখিলে ঘৰলৈকো লক্ষ্মী আহে।
কলহ স্থাপন
বাসন্তী পূজা আৰম্ভ হোৱাৰ পূৰ্বে ষষ্ঠী তিথিত ঘৰত ঘট বা কলহ স্থাপন কৰিব পাৰে। যি স্থানত কলহ স্থাপন কৰিব তাৰ চৌপাশে হালধীয়া কাপোৰ পাৰি থ’ব। ইয়াৰ ফলত ঘৰত পজিটিভ এনাৰ্জি বৰ্তি থাকিব।
মা দুর্গাৰ আৰাধনা
জ্যোতিষশাস্ত্ৰত এই দিশটো হৈছে অত্য়ন্ত গুৰুত্বপূৰ্ণ। দেৱীৰ প্ৰিয় দিশ হৈছে দক্ষিণ। মা দূৰ্গাৰ আৰাধনা কৰিলে আপোনাৰ মুখ যেন দক্ষিণ দিশ বা পূব দিশত থাকে সেই কথাটোত নজৰ দিব। ইয়াৰ ফলত আপোনাৰ মনত শান্তি আৰু শুভ চিন্তা বৰ্তি থাকিব।
স্বস্তিক চিহ্ন
হিন্দু ধৰ্মত স্বাস্তিক চিহ্ন বিশেষ শুভ আৰু মাহাত্ম্যপূৰ্ণ। কোনো শুভ কামৰ পূৰ্বে হিন্দু ধৰ্মত স্বাস্তিক চিহ্ন অঁকাৰ ৰীতি প্ৰচলিত আছে। বাসন্তী দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বে ঘৰৰ দেৱালৰ উপযুক্ত স্থানত স্বাস্তিক চিহ্ন অৱশ্যেই আঁকক। এই স্বাস্তিক আপুনি হালধী বা সেন্দুৰেৰেও আঁকিব পাৰে।
শাৰীৰিক শুদ্ধতা
বাসন্তী পূজাৰ এইকেইটা দিন শাৰীৰিক শুদ্ধতা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। এই সময়ত চুলি আৰু নখ কটা শাস্ত্ৰমতে নিষেধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ