আজিকালি প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। বহুতে খঙত একো চিনি নোপোৱা হৈ পৰে। ক্ৰোধ বা খং মানৱ জীৱনৰ এনে এটা নেতিবাচক ভাব যিটো আমাৰ জীৱনত যিকোনো মুহূৰ্ততে বা পৰিস্থিতিতে প্ৰকট হ’ব পাৰে । কিছুমানে খঙতে সন্মুখত থকা ব্যক্তিজনক এনে কিছুমান কথা কৈ দিয়ে, যাৰ ফলত পিছত অনুশোচনা কৰিবলগীয়া হয়।
যদিহে আপোনাৰো কোনো কথাত অতি সোনকালে খং উঠে তেন্তে আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। ই আপোনাৰ স্বাস্থ্যৰ বাবেও হানি কাৰক। আজি জানো আহক খং সহজে নিয়ন্ত্ৰণ কৰাৰ টিপচ…
যদি আপোনাৰ প্ৰচণ্ড খং উঠিছে, তেন্তে আপুনি গান শুনিব পাৰে। মিউজিক থেৰাপিৰ আশ্ৰয় ল’লে আপোনাক প্ৰশান্তি দিব । শাৰীৰিক কাৰ্যকলাপে আপোনাক প্ৰতিটো মানসিক চাপৰ পৰা সকাহ দিব পাৰে। একেদৰে খং নিয়ন্ত্ৰণৰ বাবেও ই এক উত্তম বিকল্প।
ইয়াৰ লগতে কোনো কথাত প্ৰচণ্ড খং উঠে তেতিয়া তিনিবাৰ দীঘলকৈ উশাহ ল’বলৈ চেষ্টা কৰক। এই উপায়ে আপোনাৰ মনটো শান্ত কৰিব। খং উঠাৰ সময়ত নিজকে বুজাবলৈ চেষ্টা কৰিব। কিছু সময় মনে মনে থাকি বা মুকলিকৈ ওলাই আহিলেও খং কমি যায়।
আটাইতকৈ সহজ উপায় হৈছে, খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেছ বলৰ সহায় ল’ব পাৰে। আপোনাৰ সৰু কথাতে খং উঠিলে, আপোনাক ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন হয়। যদি আাপুনি সকলো কৰিও খং কমাব পৰা নাই, তেন্তে কোনো মানসিক চিকিৎসকৰ সহায় ল’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















