ট্ৰাম্পে নিজৰ সিদ্ধান্ত কৰিলে সলনি। Lindsay and Graham’s Lawৰ অধীনত ৰাছিয়া আৰু ইৰাণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তেওঁ প্ৰত্যাহাৰ কৰে। ফলত ভাৰতৰ ওপৰত থকা ১০০ শতাংশ শুল্কও উঠাই লোৱা হ’ল। শুকুৰবাৰে বিয়লি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যবাহী আদেশত এই সিদ্ধান্ত আমেৰিকাৰ নাগৰিকৰ স্বাৰ্থত বুলি যুক্তি দি কয় যে গ্ৰাহাম আইনৰ অধীনত জাৰি কৰা সকলো নিষেধাজ্ঞা, আৰু শুল্ক মই উঠাই দিছো। এনে নিষেধাজ্ঞা আৰু শুল্ক ত্যাগ কৰাটো আমেৰিকাৰ জাতীয় স্বাৰ্থত বুলি উল্লেখ কৰি ট্ৰাম্পে আমেৰিকাৰ কংগ্ৰেছত প্ৰমাণ পত্ৰ দাখিল কৰা বুলি কয়।
এই আইনখনৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ ওপৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰিব পাৰিব। ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা প্ৰধান দেশসমূহৰ ওপৰত বিপুল শুল্ক আৰোপ কৰাৰ ক্ষমতাও তেওঁৰ আছে, তালিকাৰ শীৰ্ষত ভাৰত আৰু চীন।
ট্ৰাম্পে ১৮ ছেপ্টেম্বৰত গ্ৰাহাম আইনত স্বাক্ষৰ কৰিছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা মস্কোৰ ওপৰত অৰ্থনৈতিক হেঁচা বৃদ্ধিৰ বাবে এই আইনখন ৰচনা কৰা হৈছিল।এই আইনখনৰ মূল লক্ষ্য আছিল ৰাছিয়াৰ শক্তি ৰাজহ আৰু যিবোৰ দেশ এতিয়াও ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰে, সেইবোৰক লক্ষ্য কৰি লোৱা।
এই নিৰ্দেশনাৰ বিধান অনুসৰি ৰাছিয়াৰ সামগ্ৰী আমদানিৰ ওপৰত শুল্ক ৫০০ শতাংশলৈ বৃদ্ধি পাব পাৰিলেহেঁতেন। ইয়াৰ উপৰিও যদি ৰাছিয়াৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পাঁচটা বৃহৎ আমদানিকাৰকে জানি-বুজি ১৮ অক্টোবৰত বা তাৰ পিছত ৰাছিয়াৰ শক্তি ক্ৰয় কৰে তেন্তে সেই দেশসমূহৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ব্যৱস্থা আছিল।
ইয়াৰ উপৰিও ৰাছিয়াক নিজৰ তেলৰ ওপৰত নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ সহায় কৰা পাঁচখন বৃহত্তম দেশৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও চৰ্চা হৈছিল। অৱশ্যে ট্ৰাম্পে এই শুল্কসমূহ ৰেহাই দিছে।
ৰাছিয়াৰ তেলৰ অন্যতম বৃহৎ ক্ৰেতা ভাৰতে আমেৰিকাক সকীয়াই দিছে যে অতিৰিক্ত শুল্ক আৰোপ কৰিলে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। নতুন দিল্লীয়ে কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ মূল কাৰণ হৈছে দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিৰ্ভৰযোগ্য আৰু সুলভ মূল্যৰ যোগান নিশ্চিত কৰা। চীনেও এই প্ৰস্তাৱিত পদক্ষেপৰ বিৰোধিতা কৰিছে।
ইৰাণক লৈ আমেৰিকা আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ বাবে আমেৰিকাত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। এই পৰিস্থিতিত নতুন শুল্ক আৰোপ কৰিলে বিশ্বৰ বজাৰত তেলৰ মূল্য আৰু অধিক বৃদ্ধি পাব পাৰিলেহেঁতেন। ফলত আমেৰিকাৰ সাধাৰণ জনসাধাৰণৰ ওপৰত আৰ্থিক চাপ বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি হৈছিল। বিশেষকৈ নৱেম্বৰৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে এই পৰিস্থিতিয়ে ট্ৰাম্প প্ৰশাসনৰ বাবেও ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই কাৰণেই শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
শেহতীয়াকৈ আমেৰিকাই ৰাছিয়াক বিশ্বব্যাপী ইন্ধনৰ যোগান বৃদ্ধি আৰু ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ প্ৰয়াসত ডিজেল ৰপ্তানি পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিছে। এই সিদ্ধান্তৰ বাবে ট্ৰাম্পেও সমালোচনাৰ সন্মুখীন হৈছে। আমেৰিকাৰ একাংশ চিনেটৰকে ধৰি সমালোচকসকলে এই ব্যৱস্থাৰ ফলত ৰাছিয়াৰ আয় বৃদ্ধি পাব পাৰে বুলি অভিযোগ উত্থাপন কৰিছে। সেই ধন মস্কোৱে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ ব্যৱহাৰ কৰিব পাৰে।
আমেৰিকাৰ প্ৰতিনিধি ডন বেয়াৰেও ট্ৰাম্পৰ শেহতীয়া সিদ্ধান্তক সমালোচনা কৰি কয় যে ই ইউক্ৰেইনৰ স্বাৰ্থক ভেঙুচালি কৰে আৰু ইউক্ৰেইনত সামৰিক হস্তক্ষেপৰ বাবে ৰাছিয়াক শাস্তি দিয়াৰ কংগ্ৰেছে কৰা প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰে।d
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















