মহিলাসকলৰ শৰীৰত মাহেকীয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ শাৰীৰিক পৰিৱৰ্তন দেখা যায়। ইয়াৰ ভিতৰত অন্যতম হৈছে যোনিৰ পৰা বগা স্ৰাৱ নিৰ্গত হোৱা। বহু মহিলাই মাহেকীয়াৰ কেইদিনমান পূৰ্বে অধিক পৰিমাণে বগা স্ৰাৱ নিৰ্গত হোৱা লক্ষ্য কৰে। এনে পৰিস্থিতিত বহু মহিলাৰ মনত প্ৰশ্নৰ সৃষ্টি হয়—এই বগা স্ৰাৱ কোনো ৰোগৰ লক্ষণ নেকি?
বিশেষজ্ঞসকলৰ মতে, সকলো বগা স্ৰাৱেই ৰোগৰ লক্ষণ নহয়। মহিলাৰ প্ৰজনন স্বাস্থ্যৰ সৈতে যোনিৰ পৰা নিৰ্গত হোৱা এই স্ৰাৱৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। অৱশ্যে স্ৰাৱৰ পৰিমাণ, ৰং, গোন্ধ আৰু ইয়াৰ সৈতে দেখা দিয়া আন লক্ষণসমূহৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক স্বাভাৱিক নে অস্বাভাৱিক বুলি বিবেচনা কৰা হয়।
মাহেকীয়াৰ পূৰ্বে বগা স্ৰাৱ কিয় বাঢ়ে?
মাহেকীয়াৰ চক্ৰত মহিলাৰ শৰীৰত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন নামৰ হৰম’নৰ পৰিৱৰ্তন ঘটে। এই হৰম’নৰ পৰিৱৰ্তনৰ ফলত যোনিৰ পৰা নিৰ্গত হোৱা স্ৰাৱৰ পৰিমাণ আৰু গঠন সলনি হ’ব পাৰে।
মাহেকীয়াৰ পূৰ্বে বহু মহিলাৰ বগা বা ক্ৰীমৰ দৰে স্ৰাৱ নিৰ্গত হয়। এই স্ৰাৱৰ মূল কাম হৈছে যোনিপথক আৰ্দ্ৰ কৰি ৰখা আৰু ইয়াৰ স্বাভাৱিক পৰিৱেশ বজাই ৰখাত সহায় কৰা।
যদি স্ৰাৱৰ ৰং বগা বা স্বচ্ছ হয়, কোনো দুৰ্গন্ধ নাথাকে আৰু খজুৱতি, জ্বলা-পোৰা বা বিষৰ দৰে সমস্যা দেখা নাযায়, তেন্তে সাধাৰণতে এয়া শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া হ’ব পাৰে।
অধিক বগা স্ৰাৱ কি কোনো ৰোগৰ লক্ষণ?
মাহেকীয়াৰ পূৰ্বে বগা স্ৰাৱৰ পৰিমাণ বৃদ্ধি পোৱাটো সদায় ৰোগৰ লক্ষণ নহয়। কিন্তু কেতিয়াবা যোনিৰ সংক্ৰমণ বা আন কিছুমান স্বাস্থ্যজনিত সমস্যাৰ ফলতো অস্বাভাৱিক স্ৰাৱ দেখা দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















