এক আচৰিত ঘটনা৷ হাস্পতাল চৌহদতে এজন ৰোগীৰ এখন কটা হাত খালে কুকুৰে৷ উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
দুদিন পূৰ্বে পশ্চিমবংগৰ ফুলবাৰীত সংঘটিত এক দুৰ্ঘটনাৰ পাছত সঞ্জয় সৰকাৰ নামৰ এজন লোকক উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল৷ বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত লোকজন গুৰুতৰভাৱে আহত হৈছিল৷
চিকিৎসকে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সঞ্জয় সৰকাৰ নামৰ লোকজনৰ এখন হাত কাটি পেলাইছিল৷ কটা হাতখন চিকিৎসকে প্লাষ্টিকৰ বেগত ভৰাই অৰ্থপেডিক ছাৰ্জাৰী বিভাগলৈ প্ৰেৰণ কৰিছিল৷
লগতে পঢ়ক প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক
উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এটা দলে হাতখন পুনৰ যোৰা লগাব পাৰিব নেকি তাৰ চিন্তা-চৰ্চা কৰিছিল৷ কিন্তু তাৰ পাছতে হাতখন ৱাৰ্ডৰ পৰাই নাইকিয়া হয়৷ হাতখন ক’ত গ’ল তাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত একাংশ লোকে হাস্পতাল চৌহদত মাংসৰ টুকুৰা প্ৰত্যক্ষ কৰে৷
একাংশ লোকৰ ভাষ্য মতে লোকজনৰ কটা হাতখন কুকুৰে খালে৷ অৱশ্যে এই ঘটনাক লৈ হাস্পতাল চৌহদত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷
ইতিমধ্যে মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষকে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে৷ এই খবৰ সৰ্বত্ৰ বিয়পি পৰিছে যদিও তদন্তৰ অন্ততহে সকলো কথা স্পষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ