কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক
ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে এতিয়া পৃথিৱীত। সুনীতা উইলিয়ামছৰ সৈতে বুশ্ব উইলম’ৰো সুকলমে উভতি আহিছে। ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৩:৩০ বজাত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰৰ ড্ৰেগন কেপচুলে ফ্ল’ৰিডাৰ উপকূলত সফল অৱতৰণ কৰে।
সুনীতা-বুশ্বৰ সফল উভতনি যাত্ৰাত সমগ্ৰ বিশ্ববাসীয়ে সুখী অনুভৱ কৰিছে। পাছে কেৱল মানুহেই নহয়, জীৱ-জন্তুৱেও যেন বুজি পাইছে এই সুখৰ কথা। তাৰেই প্ৰমাণ পোৱা যায় সুনীতাহঁত উভতি অহা ভিডিঅ’ চালে।
এই লিংকত ক্লিক কৰিলে চাব পাৰিব ভিডিঅ’টো- https://x.com/NASA_Johnson/status/1902124589636784140
এই ড্ৰেগন কেপচুলটো সাগৰত অৱতৰণ কৰাৰ দৃশ্যটোও চাবলগীয়া আছিল। ড্ৰেগন কেপচুলটো সাগৰৰ মাজত অৱতৰণ কৰাৰ লগে লগে নাছাৰ দলটোৱে স্পীড ব’টৰ সহায়ত কেপচুলটোৰ ওচৰ পায়গৈ।
নাছাৰ দলটোৱে যেতিয়া ড্ৰেগন কেপচুলত উপস্থিত হয় তেতিয়া ডলফিনৰ এটা দলো সেই স্থানত উপস্থিত হৈ ঘূৰি ঘূৰি সাঁতুৰি সুনীতা উইলিয়ামছক আদৰিবলৈ ধৰে।
বিশেষ কথাটো হ’ল ডলফিনৰ দলটোৱে ড্ৰেগন কেপচুলৰ চাৰিওফালে বহুসময় ধৰি তেনেদৰে ঘূৰি ঘূৰি ফুৰিছিল, এনে লাগিছিল যেন ডলফিনবোৰোও সাগৰৰ তলীৰ পৰা ওলাই আহি ক্ৰু-৯ৰ সকলো সদস্যক আদৰণি জনাইছে।
সমগ্ৰ বিশ্ববাসীয়ে এতিয়া সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰৰ সফল লেণ্ডিঙৰ লগতে প্ৰত্যক্ষ কৰিছে ডলফিনৰ জাকটোও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















