স্বপ্নশাস্ত্ৰমতে শ্ৰীকৃষ্ণ বা গোপালক সপোনত দেখাৰ কিছু পৃথক পৃথক অৰ্থ আছে৷ সাধাৰণতে এই ধৰণৰ সপোনক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ সপোন বিশেষে ইয়াৰ অৰ্থও অৱশ্যে ভিন্ন৷ সপোনত শ্ৰীকৃষ্ণক দেখাৰ অৰ্থ কি?
সুখ-সমৃদ্ধিৰ আগমন
যদি আপুনি সপোনত হাঁহি থকা কোনো শিশু গোপালক দেখে তেন্তে ই আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি অহাৰ ইংগিত হব পাৰে৷ ইয়াৰ অৰ্থ হব পাৰে যে আপোনাৰ পৰিয়াললৈ কোনো নতুন সদস্যৰ আগমন ঘটিবলৈ গৈছে৷ অথৱা আপোনাৰ জীৱনলৈ কোনো শুভ সংবাদ আহি আছে৷
নতুন আৰম্ভণিৰ ইংগিত
গোপালক সপোনত দেখা মানে নতুন কোনো সূচনা বা কোনো নতুন অধ্যায়ৰ আৰম্ভণিৰ ইংগিত৷ ইয়াৰ মানে হব পাৰে যে আপুনি জীৱনৰ কোনো কঠিন সময় পাৰ কৰি আহিছে আৰু আপোনাৰ সন্মুখত নতুন সুৰ্যোদয়ে অপেক্ষা কৰিছে৷ নতুন কামৰ শুভাৰম্ভ কৰা নতুন সম্পৰ্কত সোমাই পৰা বা জীৱনৰ কোনো বৃহৎ পৰিবৰ্তনৰ ইংগিত ই বহন কৰে৷
আধ্যাত্মিক চিন্তাধাৰা বৃদ্ধি
শ্ৰীকৃষ্ণক সপোনত দেখাৰ অৰ্থ আপোনাৰ আধ্যাত্মিক জীৱনৰ প্ৰতি আগ্ৰহ বাঢ়িছে৷ ইয়াৰ অৰ্থ হব পাৰে যে আপুনি ঈশ্বৰ বা পৰমাত্মাৰ সৈতে এক গভীৰ সংযোগ অনুভৱ কৰিছে৷ এই সপোনে আপোনাক আপোনাৰ নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ প্ৰতি আৰু মনোযোগী কৰাত উৎসাহিত কৰে৷
সমস্যা সমাধানৰ ইংগিত
যদি আপুনি কোনো সমস্যাৰে জৰ্জৰিত হৈ থাকে আৰু সপোনত শ্ৰীকৃষ্ণক দেখে তেন্তে ইয়াৰ অৰ্থ হব পাৰে যে আপোনাৰ সেই সমস্যা সমাধানৰ পথ খুলিছে৷ এই সপোনে আপোনাক আশাবাদী আৰু মনক শান্ত ৰখাত সহায় কৰিব৷ শ্ৰীকৃষ্ণক সপোনত দেখা মানে আপোনাৰ ঈশ্বৰ বিশ্বাস পুনৰ জাগি উঠিছে৷ ঈশ্বৰে আপোনাৰ সৈতে যোগসংযোগ ৰাখিছে আৰু সকলো ধৰণৰ সমস্যাৰ পৰা আপোনাক মুক্ত কৰাৰ বাবে আগুৱাই আহিছে৷
(এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিতহে লিখা হৈছে৷ ইয়াত লেখা সকলো কথা আগন্তুক দিনত সঁচা প্ৰমাণিত হবই বুলি অসম লাইভ ২৪ য়ে দাবী কৰা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন থাকিলে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















