দিল্লী বিশ্ববিদ্যালয়ৰ (DU) ছাত্ৰ ৰাজনীতিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক নতুন বিতৰ্ক। NSUI নেতা অনছৰ বিৰুদ্ধে এগৰাকী DUৰ ছাত্ৰীয়ে উত্থাপন কৰিছে চাঞ্চল্যকৰ অভিযোগ। অভিযোগ অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক ২০০ৰ পৰা ৫০০ টকা পৰ্যন্ত দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘Save Democracy March’ৰ সৈতে জড়িত এই প্ৰতিবাদক কেন্দ্ৰ কৰিয়েই উত্থাপন হৈছে এই অভিযোগ।
ছাত্ৰীগৰাকীৰ দাবী অনুসৰি, প্ৰতিবাদত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক উপস্থিত কৰোৱাৰ উদ্দেশ্যে তেওঁলোকক ধনৰ প্ৰলোভন দিয়া হৈছিল। বিশেষকৈ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ২০০ৰ পৰা ৫০০ টকা পৰ্যন্ত আগবঢ়োৱাৰ কথা কোৱা হৈছিল বুলি অভিযোগ কৰা হৈছে। এই দাবীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ স্বচ্ছতা আৰু প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰকৃত উদ্দেশ্যক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
দিল্লীত প্ৰতিবাদৰ নামত শিক্ষাৰ্থীক ৫০০ টকাকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ বিৰুদ্ধে। দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই NSUIৰ নেতা আনাছ খানৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগে ৰাজধানী দিল্লীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীক কেৱল ধনেই নহয়, বিনামূলীয়া খাদ্য, যাতায়াত আৰু অন্যান্য সুবিধাও আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।
দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীক ৫০০ টকাকৈ দিয়াৰ লগতে বিনামূলীয়া ৰেপিড’ ৰাইড আৰু Zomatoৰ অফাৰৰ কথাও কোৱা হৈছিল। প্ৰতিবাদত অধিক সংখ্যক শিক্ষাৰ্থীক উপস্থিত কৰোৱাৰ বাবে এনে বিভিন্ন প্ৰলোভন ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। অভিযোগসমূহে ৰাজনৈতিক প্ৰতিবাদৰ আঁৰত শিক্ষাৰ্থীক ব্যৱহাৰ কৰাৰ এক বিতৰ্কিত দিশ পোহৰলৈ আনিছে। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ ভূমিকা তদন্তৰ জৰিয়তে নিশ্চিত কৰাটো প্ৰয়োজনীয়।
ইফালে, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা আনাছ খানৰ বিৰুদ্ধে ছাত্ৰীক লৈ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, প্ৰৱাসী ভাৰতীয় (NRI) ব্যক্তিৰ সৈতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰীক ধন, উপহাৰ আৰু অন্যান্য সুবিধা আগবঢ়োৱাৰ প্ৰলোভন দিয়া হৈছিল।
অভিযোগত উল্লেখ কৰা হৈছে যে, ছাত্ৰীৰ ব্যক্তিগত প্ৰফাইল আৰু বাহ্যিক ৰূপৰ ওপৰত ভিত্তি কৰি ১০ হাজাৰৰ পৰা ৩০ হাজাৰ টকালৈকে দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। ইয়াৰ লগতে আহমেদাবাদ ভ্ৰমণ, বিনামূলীয়া যাতায়াত আৰু কণ্ঠশিল্পী দিলজিত দোছাঞ্জৰ কনচাৰ্ট উপভোগ কৰিবলৈ VVIP টিকটৰ ব্যৱস্থাৰো প্ৰলোভন দিয়া হৈছিল বুলি অভিযোগ উঠিছে।
এই ঘটনাক লৈ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰ সংগঠন ABVP-এ বিষয়টোৰ নিৰপেক্ষ আৰু সময়সীমাবদ্ধ তদন্তৰ দাবী জনাইছে। আনহাতে, ৰামানুজন কলেজৰ কৰ্তৃপক্ষই অভিযোগৰ প্ৰাথমিক তদন্তৰ পিছত আনাছ খানক ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীলৈকে নিলম্বন কৰিছে।
NSUI-এ অৱশ্যে আনাছ খানৰ সৈতে সংগঠনটোৰ বৰ্তমান কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে। সংগঠনটোৰ মতে, ছাত্ৰ একতা নিৰ্বাচনৰ সময়তে অনুশাসনহীনতা আৰু সংগঠনবিৰোধী কাৰ্যকলাপৰ অভিযোগত তেওঁক নিলম্বন কৰা হৈছিল। উল্লেখযোগ্য যে, ছাত্ৰীক ধন আৰু বিভিন্ন সুবিধাৰ প্ৰলোভন দিয়াৰ অভিযোগসমূহ এতিয়াও সম্পূৰ্ণৰূপে প্ৰমাণিত হোৱা নাই। সেয়ে ঘটনাটোৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে নিৰপেক্ষ তদন্তৰ প্ৰয়োজনীয়তা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















