অসম লাইভ২৪ঃ দৰিদ্ৰতাই আছিল তেঁওৰ দৈনন্দিনতা৷ এসাঁজ খালে আন এসাঁজলৈ চিন্তা৷ কিন্তু এই বাধাক নেওচি আগবাঢ়ি তেওঁ আজি আই এ এছ অফিচাৰ৷ নিজৰ লক্ষ্যত তেওঁ সদায়ে অবিচল আছিল৷ জীৱনৰ সমস্ত প্ৰতিবন্ধকতা আঁতৰাই তেওঁ আগবাঢ়িল৷ ইউপিএছচি পৰীক্ষাত ৪১০ ৰেংক লাভ কৰিছে ডোংৰা ৰেভাইয়ে৷ অত্যন্ত কঠিন এই পৰীক্ষাত সফলতা লাভ কৰি সকলোৰে দৃষ্টি কাঢ়িছে ডোংৰাই৷ সৰুতেই পিতৃক হেৰুওৱা ডোংৰাই শৈশৱৰ পৰা যদি লাভ কৰিছে তেন্তে সেয়া কেৱল দাৰিদ্ৰতা৷ দাৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰি কৰিয়েই ডোংৰা মানসিকভাৱে ইমানেই শক্তিশালী হৈ উঠিছিল যে পাছলৈ তেওঁৰ বাবে পেটৰ ভোকো সাধাৰণ কথা হৈ পৰিল৷ পঢ়া শুনাৰ সন্মুখত পেটৰ ভোকো বাধা হ’ব নিদিলে ডোংৰাই৷
অকালতেই স্বামীক হেৰুৱাইছিল ডোংৰাৰ মাতৃয়ে৷ ইয়াৰপাছতেই সংসাৰৰ যাৱতীয় দায়িত্ব তেওঁৰ কান্ধত পৰে৷ সংসাৰ চলাবলৈ তেওঁ বিদ্যালয়ত মিড ডে মিল ৰন্ধা কাম কৰে৷ চৰম দাৰিদ্ৰতাৰ মাজতো সন্তানৰ পঢ়াশুনাত কিন্তু কাহানিও বাধা আহিবলৈ নিদিলে৷ তাৰ ফলস্ৰুতিতেই সন্তানে তেওঁৰ হাতত তুলি দিলে এই উপহাৰ৷ দেশজুৰি আজি চলিছে ডোংৰাৰ সমান্তৰালকৈ মাতৃৰ চৰ্চা৷ ডোংৰা আইএএছ অফিচাৰ হোৱাৰ চৰ্চাৰ মাজতেই মাতৃৰ পৰিশ্ৰমৰ কথাও সমানে চৰ্চা হৈছে৷
তেলেংগানাৰ এখন সৰু চহৰৰ দলিত পৰিয়ালত ডোংৰাৰ জন্ম৷ সৰুকালৰে পৰাই মেধাৱী ডোংৰাই আইআইটিৰ এণ্ট্ৰেছ পাছ কৰে৷ ভৰ্তি হ’ল আইআইটি মাদ্ৰাছত৷ কিন্তু আইআইটিত ভৰ্তি হ’লেও তেওঁ তাত থাকিব পৰাকৈ ধনৰ যোগান ধৰিব নোৱাৰিলে মাতৃয়ে৷ আইআইটিৰ পঢ়া আধাতেই সামৰি ঘৰলৈ উভটি আহিব খোজোতেই তেওঁৰ জন্ম চহৰৰ জিলা প্রশাসনে পঢ়াৰ খৰচ যোগান ধৰিবলৈ আগবাঢ়ি আহে৷ জিলা প্ৰশাসনৰ সহায়ৰ ফলতেই তেওঁ আইআইটিত পুনৰ পঢ়াশুনা আৰম্ভ কৰে৷ আইআইটিত তেওঁ গ্ৰেজুৱেট হৈ গেট পৰীক্ষাত বহে৷ গেটতো এবাৰতেই পাছ কৰিবলৈ সক্ষম হয় ডোংৰা৷ গেটত উত্তীৰ্ণ হৈয়ে অভাৱৰ বাবেই তেওঁ হায়দৰাবাদত এটা প্ৰাইভেট কোম্পানীত জইন কৰে৷
কামৰ মাজে মাজে সপোনটোক জীয়াই ৰাখিল ডোংৰাই৷ প্ৰস্তুতি চলাই থাকিল ইউপিএছচি চিভিল চাৰ্ভিছ পৰীক্ষাৰ৷ তাৰপাছতেই ২০২২ চনৰ চিভিল চাৰ্ভিছ পৰীক্ষাত বহে ডোংৰা৷ এবাৰতেই তেওঁ সফলো হয়৷ সৰ্বভাৰতীয় স্তৰত তেওঁ লাভ কৰে ৪১০ৰেংক৷ বৰ্তমান তেওঁ হাইদ্ৰাবাদত জয়েণ্ট কালেকটৰ হিচাপে কৰ্মৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ