হিন্দু কেলেণ্ডাৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ বা শাৰদীয় নৱৰাত্ৰী৷ এই বছৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দেৱীপক্ষ৷ তাৰপাছতেই ৯ অক্টোবৰ মহাষষ্ঠীত দেৱী বোধনৰ মাজেৰে আৰম্ভ হৈছে দুৰ্গা পূজা ২০২৪৷ ৯দিন ধৰি মা দুৰ্গাৰ ৯ৰূপৰ আৰাধনা কৰা হয়৷ এই সময়তেই মৰ্ত্যলৈ আগমন ঘটে মা দুৰ্গাৰ৷
দেৱীক সুখী কৰিবলৈ মনত ভক্তি ৰাখি পূজা কৰাৰ ওপৰিও অইন কেইবাটাও নিয়ম মানি চলা খুবেই জৰুৰী৷ দুৰ্গা পূজা আৰম্ভণিৰ পূৰ্বেই ঘৰত থকা তিনিটা বস্তু আঁতৰাই দিয়াৰ ইংগিত দিছে বাস্তু বিশেষজ্ঞই৷ এই সামগ্ৰীসমূহ ঘৰত থাকিলে নিগেটিভ এনাৰ্জি তৈয়াৰ কৰে৷ এই অশুভ শক্তি আপোনাৰ ঘৰত পুঞ্জীভূত হৈ থাকিলে ৰুষ্ট হয় দেৱী দুৰ্গা আৰু দেৱীৰ ৰোষত নানান বিপদ বাঢ়িব পাৰে আপোনাৰ জীৱনত৷ বিশেষকৈ বাস্তু অনুসৰি এই সকলো সামগ্ৰীয়ে সংসাৰলৈ দাৰিদ্ৰতা কঢ়িয়াই আনে৷ এই সামগ্ৰীসমূহ ঘৰৰ পৰা অঁতৰাই দিয়াটোৱেই শুভ৷ তেতিয়াই মা জগৎ জননী জগদম্বা আপোনাৰ প্ৰতি তুষ্ট হ’ব৷ সেয়ে দুৰ্গাপূজাৰ পূৰ্বে ঘৰ পৰিষ্কাৰ কৰোতে এইকেইপদ সামগ্ৰী ঘৰৰ পৰা আঁতৰাই দিব৷
ভঙা মূৰ্তি
ধৰ্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি ঘৰত ৰখাটো অশুভ৷ সেয়ে কোনো মূৰ্তি ভাঙি গ’লে ল’গে লগে ঘৰৰ পৰা আঁতৰাই দিয়ক৷ আপোনাৰ ঘৰত কোনো ভঙা মূৰ্তি থাকিলে দুৰ্গা পুজাৰ পূৰ্বেই পানীত উটোৱাই দিয়ক৷ য’তে ত’তে ঘৰৰ ভঙা মূৰ্তি পেলাই নিদিব৷ এই সকলো মূৰ্তি আপুনি পানীত উটোৱাই দিব পাৰে৷
পুৰণি চটি-জোতা
যি জোতা আপুনি পৰিধান নকৰে তেনে জোতা, পৰিধান নকৰা কাপোৰ আদি ঘৰত নাৰাখিব৷ ইয়াৰ পৰা নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয়৷ এনে নিগেটিভ এনাৰ্জিয়ে আমাৰ জীৱনলৈ দুৰ্ভাগ্য মাতি আনে৷ সেয়ে ঘৰত পুৰণি নিপিন্ধা জোতা, কাপোৰ ভুলতো নাৰাখিব৷ যদি সেইসমূহ ব্যৱহাৰৰ উপযোগী অথচ আপুনি ব্যৱহাৰ কৰিব নোখোজে তেন্তে সেয়া দান কৰি দিব পাৰে৷
পিঁয়াজ নহৰু
নৱৰাত্ৰি পালন কৰাৰ সময়ত ঘৰত কোনো আমিষ আহাৰ নথব৷ আমিষত বহুতেই কেৱল মাছ, মাংসকেই ধৰে৷ কেৱল মাছ মাংসই আমিষ নহয়৷ পিয়াজ, নহৰুও আমিষতেই পৰে৷ সেয়ে পিঁয়াজ, নহৰুও এই সময়ত ঘৰত নৰখাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ এই সময়ত ঘৰত পিঁয়াজ নোখোৱাটোও ভাল৷ এই সময়ত সম্পূৰ্ণ সাত্ত্বিক আহাৰ সেৱন কৰক৷
বন্ধ ঘড়ী
আপোনাৰ ঘৰত বন্ধ ঘড়ী আছে যদি এইসময়তেই আঁতৰাই দিয়ক৷ জ্যোতিষ অনুসৰি ঘৰত বন্ধ ঘড়ী থাকিলে অশুভ শক্তিৰ সৃষ্টি কৰে৷ সেয়ে ভুলতো ঘৰত বন্ধ ঘড়ী নাৰাখিব৷ দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা সকলো বন্ধ ঘড়ী আঁতৰাই দিয়ক৷ অন্যথা দেৱী আপোনাৰ ওপৰত ৰুষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ