• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

2 years ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

12 minutes ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 hour ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

13 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

15 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

15 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

16 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

17 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

18 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

19 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

20 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

editor by editor
September 9, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাভাৰতৰ কুৰুৰাজ দুৰ্যোধন আছিল কৌৰৱ বংশৰ ডাঙৰ লৰা৷ মহাভাৰতৰ প্ৰধান খলনায়কৰ চৰিত্ৰত আমি দুৰ্যোধনক দেখা পাও৷ তেওঁৰ ঔদ্ধত্যৰ কাৰণেই অবিচাৰ সহ্য কৰিব লগা হৈছিল পাণ্ডৱসকলে৷ সেই অন্যায় আৰু অবিচাৰৰ প্ৰতিশোধ ল’বলৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজত কুৰুক্ষেত্ৰৰ ভয়াৱহ যুদ্ধ হৈছিল৷ এই যুদ্ধত দুৰ্যোধনসহ কৌৰৱৰ ১০০ ভাতৃৰেই মৃত্যু হৈছিল৷ সেই কাৰণেই সাধাৰণতে দুৰ্যোধন সম্পৰ্কে আমাৰ সকলোৰে মনত এটা বেয়া ধাৰণা আছে৷ কিন্তু আমাৰ দেশতেই এনে এক স্থান আছে য’ত দুৰ্যোধনৰ পূজা কৰা হয়৷ এই এলেকাটো হৈছে কেৰালাৰ কোল্লাম৷ ইয়াতেই আছে দেশৰ একমাত্ৰ দুৰ্যোধনৰ মন্দিৰ৷ জানি থওক এই মন্দিৰৰ চমকপ্ৰদ কাহিনী৷

দুৰ্যোধনৰ মন্দিৰৰ কাহিনী

কেৰালাৰ কোল্লাম জিলাত অৱস্থিত দুৰ্যোধনৰ মন্দিৰ৷ বিশাল এই মন্দিৰত এতিয়াও নিয়মিত দুৰ্যোধনৰ আৰাধনা কৰা হয়৷ সকলোতকৈ আশ্চৰ্যজনক বিষয় এয়াই যে এই মন্দিৰত এতিয়াও দুৰ্যোধনৰ নামত কৰ জমা দিয়া হয়৷ স্থানীয় মানুহৰ বিশ্বাস যে এবাৰ এই এলেকালৈ গৈছিল দুৰ্যোধন৷ সেই সময়ত তেওঁৰ প্ৰচণ্ড পিয়াহ লাগিছিল৷ কিন্তু ক’তো কোনো জলাশয় তেওঁ দেখা নাপালে৷ তেতিয়াই তেওঁৰ সৈতে এক দলিত মহিলাৰ দেখা হয়৷ সেই মহিলাৰ পৰা পানী বিচাৰে দুৰ্যোধনে৷ কিন্তু সেই মহিলাই তেওঁক কয় যে তেওঁৰ ওচৰত পানী নাই, তেওঁৰ কাষত সুৰাহে আছে৷ কিন্তু নিম্নবৰ্গৰ সুৰা ৰাজপুত্ৰ দুৰ্যোধনক দিবলৈ অস্বস্তিবোধো কৰে মহিলাগৰাকীয়ে৷ দুৰ্যোধনে সেই সুৰা পান কৰি তৃপ্ত হয়৷ তেওঁ সেই মহিলাক আশীৰ্বাদ কৰি কিছু মাটি দান কৰে৷ লগতে দলিত মহিলাক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

এই ঘটনাৰ পাছতেই গাওঁখনত দুৰ্যোধনৰ নামত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে গাওঁবাসীয়ে৷ এতিয়াও সেই মন্দিৰত দুৰ্যোধনৰ আৰাধনা কৰা হয়৷ দুৰ্যোধনেই হৈছে সেই গাওঁৰ ৰক্ষাকৰ্তা৷ গাওঁবাসীৰ বাবে ঈশ্বৰ৷ দুৰ্যোধনৰ কোনো মূৰ্তি সেই মন্দিৰত নাই৷ কেৱল তেওঁৰ অস্ত্ৰ গদাৰ পুজা কৰা হয়৷ গদা যুদ্ধত অপৰাজেয় আছিল দুৰ্যোধন৷ মৰমেৰে গাওঁবাসীয়ে তেওঁ আপুৱা বুলি মাতে৷ আপুৱা শব্দৰ অৰ্থ দাদু৷

এতিয়াও দুৰ্যোধনত সেই সুৰা নিবেদন কৰা হয়, স্থানীয় যি সুৰা পান কৰি তৃপ্ত হৈছিল দুৰ্যোধন৷ কেৰালাৰ কোল্লামত অৱস্থিত এই দুৰ্যোধন মন্দিৰৰ নাম পোৰুভাঝি পেৰুভিৰুথি মলানদা৷ সাধাৰণভাৱে মলানদা মন্দিৰ নামেৰে পৰিচিত৷ এই মন্দিৰৰ পৰা চৰকাৰক যি টেক্স দিয়া হয় তাৰ ৰছিদ আজিও দুৰ্যোধনৰ নামতেই কটা হয়৷ প্ৰকৃততে মন্দিৰ যেতিয়া তৈয়াৰ কৰাৰ বাবে  মাটি ৰেজিষ্ট্ৰি কৰা হয় তেতিয়াও সেয়া দুৰ্যোধনৰ নামতেই কৰা হৈছিল৷ সেই মন্দিৰৰ পৰা যি টেক্স দিয়া হয় তাৰ ৰছিদ কটা হয় দুৰ্যোধনৰ নামত৷ এই মন্দিৰত আছে মুঠ ১৫ একৰ মাটি৷ ইয়াৰ মাজৰে ৮একৰ মাটিত ধানৰ খেতি কৰা হয় আৰু বাকী মাটিত বিভিন্ন মূ্ল্যবান গছ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
Next Post
এইবাৰ পূজাত কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

এইবাৰ পূজাত কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.