পুৱাই ভূমিকম্পত কঁপি উঠিল দক্ষিণবংগৰ উপকূলীয় অঞ্চল৷ কম্পনৰ মাত্ৰা অনুভৱ হৈছে পশ্চিমবংগৰ বিভিন্ন এলেকাৰ লগতে বাংলাদেশ আৰু ওড়িশাতো৷ ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৫.১ শতাংশ৷ জাতীয় ভূকম্পন পৰিমাপকেন্দ্ৰ বা নেশ্ব্যনেল চেণ্টাৰ ফল ছিচমলজিয়ে জনাইছে যে মঙলবাৰে পুৱা ৬ বাজি ১০ মিনিটত ভূমিকম্পৰ কম্পন অনুভূত হৈছে৷
ভূমিকম্পৰ উৎসস্থল বঙ্গোপসাগৰৰ ৯১ কিঃমিঃ গভীৰ৷ জাতীয় ভূকম্পন পৰিমাপকেন্দ্ৰই যি ছবি প্ৰকাশ কৰিছে তাত দেখা গৈছে যে ওড়িশা আৰু পশ্চিমবংগৰ উপকূল আৰু উপকূল সংলগ্ন অঞ্চলত কম্পন অনুভূত হৈছে৷ প্ৰাথমিকভাৱে জনা গৈছে যে পূৰ্ব মেদিনীপুৰৰ হলদিয়া, কাঁথি, দীঘাসহ কম্পন অনুভূত হৈছে৷ বাংলাদেশৰ পশ্চিম প্ৰান্তৰ উপকূলৰ কিছু অঞ্চলত কম্পন অনুভূত হৈছে৷
ভূমিকম্পত বৰ্তমান পৰ্যন্ত কোনো ক্ষয়ক্ষতিৰ খবৰ এতিয়াও লাভ কৰা হোৱা নাই৷ ভূমিকম্পৰ পাছতেই সমুদ্ৰৰ পৰিস্থিতি সন্দৰ্ভতো কোনো তথ্য বৰ্তমানলৈ লাভ কৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ