৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা
গ্ৰীচৰ কাছ’ছ দ্বীপৰ সমীপত প্ৰবল ভূমিকম্প সংঘটিত হৈছে, তাৰ পিছত গ্ৰীচৰ বহু ঠাইত কম্পন অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা ৬.১ ৰিখটাৰ স্কেল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS) বিভাগৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা ১:৫১ বজাত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পৰ পাছতে ঘৰৰ পৰা ওলাই আহে ভয়াৰ্ত জনতা।
এই ভূমিকম্পৰ পিছত ছুনামীৰ আশংকা কৰা হৈছে। ই এছ এম চিৰ তথ্য অনুসৰি ছুনামীৰ ভাবুকিৰ মূল্যায়ন কৰা হৈছে। যোৱা সপ্তাহতো গ্ৰীচৰ দক্ষিণ উপকূলত প্ৰবল ভূমিকম্পৰ ফলত একেধৰণৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। ১৩–১৪ মে’ৰ নিশা ৬.১ প্ৰাবল্যৰ ভূমিকম্প হয়, তাৰ পিছত দক্ষিণ উপকূলীয় অঞ্চলৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
অৱশ্যে নিশা অহা ভূমিকম্পটোৰ ফলত কোনো বৃহৎ ক্ষতিৰ খবৰ পোৱা হোৱা নাই। কিন্তু তথাপি ৰাইজক সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















