পুৱা ৪ঃ২৩ মিনিটত ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। পুৱতি নিশা হঠাৎ অহা শক্তিশালী ভূমিকম্পৰ জোকাৰণিত ৰাজ্যৰ বহু অঞ্চলত আতংকৰ সৃষ্টি হয়। ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰি বহু লোক বিচনাৰ পৰা উচপ খাই উঠি ঘৰৰ বাহিৰলৈ ওলাই আহে।
প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.৯। ভূমিকম্পটোৰ অভিকেন্দ্ৰ তেজপুৰ বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় ৪ঃ২৩ বজাত অহা এই ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ কেইবাখনো জিলাত অনুভূত হয়।
পুৱতি নিশাৰ সময়ত অধিকাংশ লোক শুই থকা অৱস্থাত থকাৰ বাবে হঠাৎ অহা জোকাৰণিত বহু লোক আতংকিত হৈ পৰে। বিশেষকৈ বহুমহলীয়া অট্টালিকাত থকা লোকসকলে জোকাৰণিৰ তীব্ৰতা অধিক অনুভৱ কৰা বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ জোকাৰণিৰ পাছতে বহু লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সামাজিক মাধ্যমতো ভূমিকম্পৰ বিষয়ে বিভিন্নজনে পোষ্ট কৰি জোকাৰণি অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে।
অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা বা বৃহৎ পৰিমাণৰ ক্ষয়ক্ষতিৰ তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই। ভূমিকম্পৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত। সেয়ে এনে জোকাৰণিৰ সময়ত আতংকিত নহৈ সুৰক্ষিত স্থানত আশ্ৰয় লোৱা আৰু চৰকাৰী নিৰ্দেশনা মানি চলাটো অতি গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















