২৫ ডিচেম্বৰত পৃথিৱীত দেখা দিব মহাপ্ৰলয়ে৷ আৰু তাৰফলতেই ধ্বংস হ’হ মানৱগ্ৰহ পৃথিৱী৷ সৰ্বগ্ৰাসী এক বান আহি ডুবাই দিব মানৱসভ্যতাক৷ এই ভৱিষ্যদ্বাণী কৰি বিশ্বত হৈ-চৈ লগাই দিছিল স্বঘোষিত ধৰ্মগুৰুৱে৷ ভাৰতৰেই নহয়, সূদূৰ আফ্ৰিকাৰ এক সৰু দেশৰ বাসিন্দা এই ধৰ্মগুৰু৷
২০২৫ৰ ২৫ ডিচেম্বৰ অৰ্থাৎ বৰদিনৰ দিনাই পৃথিনী ধ্বংস হৈ যাব বুলি ভৱিষ্যদ্বাণী কৰিছিল ধৰ্মগুৰুজনে৷ এই ইংগিত পাইছিল ঈশ্বৰৰ পৰা বুলি তেওঁ নিজেই দাবীও কৰিছিল৷ এই দাবীৰেই তেওঁ আধুনিক যুগৰ ভৱিষ্যদ্ৰষ্টাৰো টেগ লাভ কৰিছিল৷ এই ভৱিষ্যদ্ৰষ্টা ঘানাৰ বাসিন্দা ইবো এনোক৷ নিজকে ইবো জিচাছ নামেৰে তেওঁ পৰিচয় দিয়ে৷ তেওঁৰ বৰ্তমান বয়স ৩০ বছৰ৷ তেওঁৰ দাবী যে মহাপ্লাৱন আহি বুৰাই পেলাব জগতক৷ কিন্তু এই এই ভৱিষ্যদ্বাণী ব্যৰ্থ প্ৰমাণিত হৈছে৷ প্লাৱন বাদেই কোনো প্ৰাকৃতিক দুৰ্যোগৰেই আভাস পোৱা নগল এই দিনটোত৷
পৃথিৱীৰ শেষ সম্পৰ্কে দিয়া ভৱিষ্যদ্বাণী বিফল হলেও নিজৰ অৱস্থানৰ পৰা তেওঁ আঁতৰিব খোজা নাই৷ ওলোটাই জোৰ দি তেওঁ দাবী কৰিছে যে পৃথিৱী ধ্বংস হ’বই৷ মহাপ্ৰলয় অৱশ্যম্ভাৱী, কেৱলমাত্ৰ তাৰ কিছু বিলম্ব ঘটিছে৷ কাৰণ সৰ্বশক্তিমান ঈশ্বৰৰেই সেয়া ইচ্ছা৷
এক অদ্ভুত পোছাক পিন্ধি হাতত লাঠি লৈ ঠিয় হৈ ভিডিঅ’যোগে বিলম্বৰ কাৰণ বাখ্যা কৰা দেখা গৈছে ঘানাৰ এই বাসিন্দাক৷ তেওঁ জনাই যে ঈশ্বৰে তেওঁক এই কাম শেষ কৰাৰ বাবে নিৰ্দেশ দিছে৷ প্ৰাচীন বিশ্বত এক ভয়াৱহ প্লাৱনৰ উল্লেখ আছে বাইবেলতো৷ ইয়াৰোপৰি বিভিন্ন দেশ-বিদেশৰ পুৰাণ, কাব্য, গল্পকথা আৰু লোককাহিনীত আছে ইয়াৰ উল্লেখ৷ এই প্ৰলয়ত ডুবি যাব সৃষ্টি৷ এই অৱস্থাত সৃষ্টিকৰ্তাই ৰক্ষা কৰিব তেওঁৰ সৃষ্টিক৷ ঈশ্বৰপ্ৰেৰিত কোনো মানৱেই তেওঁ নিৰ্দেশত সেই সৰ্বনাশী প্লাৱনৰ হাতৰ পৰা ধৰাধামক ৰক্ষা কৰিব৷ এই অৱস্থাত সৃষ্টিক ৰক্ষা কৰিব পাৰে এখন বিৰাট জাহাজে৷ য’ত ৰক্ষাকৰ্তাই এটা পৰিয়াল অৰ্থাৎ এজন স্বামী আৰু স্ত্ৰীক ঠাই দিব৷ এই সকলোবোৰ ঈশ্বৰৰ নিৰ্দেশ মানিয়েই হ’ব৷ সেই কাহিনী অনুসৰিয়েই ইবোৱেও ৮খন নৌকা তৈয়াৰীৰ কাম আগুৱাই নিছে৷
বাইবেলৰ জেনেছিচ অংশৰ পৰা জনা যায় যে ৪০ দিন ধৰি প্ৰৱল বৰ্ষণ হৈ এই মহাপ্লাৱনৰ সৃষ্টি হৈছিল৷ নৌকাত আশ্ৰয়প্ৰাপ্ত মানুহ আৰু প্ৰাণীকুলক বাদ দি সকলোৱেই প্লাৱনত ৰসাতলে যায়৷ আনকি সুবৃহৎ পৰ্বত শৃংগসমূহৰো সলিলসমাধি ঘটে৷ ভাৰতৰ প্ৰাচীন শাস্ত্ৰতো বিশেষভাৱে উল্লেখ আছে মহাপ্লাৱনৰ কথা৷ যজুৰ্বেদৰ শতপথ ব্ৰাহ্মণত মহাপ্লাৱন আৰু তাৰ পৰা সৃষ্টিক ৰক্ষা কৰিবলৈ বিষ্ণুৱে মৎস্যৱতাৰ ৰূপ ধাৰণৰ কথাও বৰ্ণিত আছে৷
নতুন সহস্ৰাব্দতো আৰম্ভ হৈছে নৌকা নিৰ্মাণৰ কাম৷ তাৰেই উদাহৰণ আধুনিক নোৱা৷ ইবোৰ বিচিত্ৰ কৰ্মকাণ্ড চাবলৈ হাজাৰ হাজাৰ মানুহ গোট খাইছিল. আসন্ন মহাপ্ৰলয়ৰ পৰা প্ৰাণ বচোৱাৰ আশাত কেইবাহাজাৰ মানুহ শৰণাপন্ন হৈছে ইবোৰ৷ ঘানাৰ এই ধৰ্মপ্ৰচাৰকে অৱশ্যে কাকোৱেই উভতাইয়ো দিয়া নাই৷ তেওঁ জনাইছে, এই জাহাজলৈ সকলোকে স্বাগত৷
ইবোৰ অনুসায়ীসকলৰ মাজত লাইবেৰিয়াৰো এজন ব্যক্তি আছে৷ নৌকাত আসন সুনিশ্চিত কৰিবলৈ গৈ তেওঁ ঘানাৰ মাজভাগত চহৰ এলমিনাত আৱদ্ধ হৈ পৰিছে৷ পৰবৰ্তীকালত কি হব সেয়া এতিয়াও নিশ্চিত নহয়৷ এক ভিডিঅ’ও তাৰ পৰা শ্বেয়াৰ হোৱা দেখা গৈছে৷ ঘানাৰ এই স্বঘোষিত ধৰ্মপ্ৰচাৰকৰ আৰু এক পেছাও আছে৷ তেওঁৰ ইনষ্টাগ্ৰামত আছে ৫০ হাজাৰ অনুগামী৷ ইউটিউব চেনেলটোত কেইবাহাজাৰ ছাবস্ক্ৰাইবাৰ আছে৷ ইবোৰ মহাপ্ৰলয় সংক্ৰান্তিয় ঘোষণা আৰু ভিডিঅ’সমূহ দেখি সেই উন্মাদনা সংক্ৰমিত হৈছে অনুৰাগীৰ মাজত৷
আগষ্ট মাহত কি হ’ব আৰু কেনেকৈ হ’ব শিৰোনামত এক ইউটিউব ভিডিঅ’ও শ্বেয়াৰ কৰিছে ইবোয়ে৷ ইবোৰ দাবী. ঈশ্বৰৰ পৰা তেওঁ এক বাৰ্তা লাভ কৰিছে৷ এক সপোন তেওঁ দেখিছে৷ সেই সপোনত ২৫ ডিচেম্বৰৰ পৰা অবিৰাম বৃষ্টিপাত আৰম্ভ হব আৰু তিনি বছৰ ধৰি একেৰাহে বৃষ্টিপাত হৈয়েই থাকিব৷ ইবোৱে লগতে দাবী কৰিছিল যে আৰ্তজনক বচাবলৈ তেওঁক জাহাজ তৈয়াৰ কৰাৰো নিৰ্দেশ দিছে স্বয়ং ঈশ্বৰে৷ কেইবাটাও ভিডিঅ’ত নৌকা তৈয়াৰ কৰি থকাও দেখা গৈছে তেওঁক৷ তেওঁ বাৰে বাৰে এটাই দাবী কৰিছে যে তেওঁ ইতিমধ্যেই মহাপ্ৰলয়ৰ পৰা তেওঁৰ অনুসাৰীসকলক ৰক্ষা কৰাৰ বাবে জাহাজ তৈয়াৰ কৰিছে৷
ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতেই সংবাদমাধ্যমত বহুতেই দাবী কৰিছে যে ইবোৱে জাহাজ তৈয়াৰীৰ অনুদানেৰে বিলাসী জীৱনযাপনত অভ্যস্ত হৈ পৰিছে৷ ৮৯০০০ ডলাৰ অৰ্থাৎ প্ৰায় ৭৯লাখ টকা মূল্যৰ এখন মাৰ্ছিডিজ বাহনো কিনিছে৷ সেই বিদেশী দামী বাহনত উঠি ফুৰাৰ ছবি অনলাইনত ভাইৰেলো হৈছে৷ যিসকল ভক্তেই তেওঁক বিশ্বাস কৰি সৰ্বস্ব বিক্ৰি কৰি অনুদান দিছে তেওঁলোকেও সেই ছবি দেখি হতবাক হৈ পৰিছে৷ প্ৰতাৰিত বোধ কৰিছে বহুতেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















