ইজিপ্তত আজি পুৱা ৫.৪ প্ৰাবল্যৰ ভূমিকম্পই চাৰিওফালে প্ৰচণ্ড কঁপনিৰ সৃষ্টি কৰে। ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। ম্যানমাৰতো এই কম্পন অনুভুত কৰা হয়, যাৰ প্ৰাবল্য ৩.৩। পিছত ইজিপ্তৰ বিষয়াসকলে খবৰ দিয়ে যে এই ভয়ংকৰ কেন্দ্ৰটো ছুৱেজ চহৰৰ পৰা ৩৮ কিলোমিটাৰ দূৰত। প্ৰথম অৱস্থাত জাৰ্মান ৰিচাৰ্চ চেণ্টাৰে ছুৱেজৰ ওচৰত বুলি কৈছিল, আনহাতে ই এম এছ চিয়ে ছুৱেজৰ পৰা প্ৰায় ২৯ কিলোমিটাৰ উত্তৰ-পশ্চিমে বুলি কয়। ইজিপ্তৰ ৰেড ক্ৰীচেণ্টে জৰুৰীকালীন পৰিকল্পনা সক্ৰিয় কৰিছে যিবোৰ অঞ্চলত কম্পন অনুভুত হৈছিল। এতিয়ালৈকে কোনো লোক আহত বা ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা নাই।
ৰেড ক্ৰীচেণ্টে বাসিন্দাসকলক ক্ষতিৰ লক্ষণ দেখা পোৱা অট্টালিকাৰ পৰা আঁতৰিবলৈ আৰু কৰ্তৃপক্ষই পৰিস্থিতিৰ মূল্যায়ন কৰাৰ সময়ত চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়।
জৰুৰীকালীন সঁহাৰি পৰিকল্পনা ৰূপায়ণৰ নিৰ্দেশ
ইজিপ্তৰ স্বাস্থ্য মন্ত্ৰী খালেদ আব্দেল গাফ্ফাৰে দেশজোৰা জৰুৰীকালীন সঁহাৰি পৰিকল্পনা ৰূপায়ণৰ নিৰ্দেশ দিয়ে আৰু এম্বুলেন্স সেৱাসমূহক “হাই এলাৰ্ট”ত থাকিবলৈ নিৰ্দেশ দিয়ে। অধিক তথ্যৰ বাবে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বিষয়াসকলে।
ম্যানমাৰতো ভূমিকম্পৰ সৃষ্টি হয়
৩ আগষ্টৰ পুৱা ম্যানমাৰতো মৃদু ভূমিকম্প অনুভৱ কৰা হৈছিল। ইয়াৰ মাত্ৰা আছিল ৩.৩। ১০৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। তাত কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নগ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














