খাই পাইছেনে কনীৰ হালৱা, ঈদ বুলি ঘৰতে বনাব পাৰে এই বিশেষ খাদ্য, পঢ়ক ৰেচিপি
হালৱা বুলি কলে সাধাৰণতেই মনলৈ আহে গাজৰ, চুজি, গাখীৰ, নাৰিকল, আটা, বাদাম আদিৰ কথা। ঘৰলৈ আলহী আহিলে নাইবা এগৰাকী কইনাই প্ৰথম কিবা এবিধ মিঠা ৰান্ধিলে তালিকাত হালৱা থাকিবই।
বিশেষকৈ গাজৰ আৰু চুজিৰ হালৱা প্ৰত্যেকৰ ঘৰে ঘৰে প্ৰায়ে চলে। যি খাবলৈয়ো বৰ সোৱাদভৰা হয়। পাছে এই সকলোবোৰৰ ভিতৰত সাধাৰণতে নবনোৱা আন এবিধ অতিকে সোৱাদভৰা হালৱা হৈছে কনীৰ।
কেতিয়াবা খাই পাইছেনে, বনাই পাইছেনে…অতিকে সোৱাদভৰা এই কনীৰ হালৱা বনাবলৈয়ো অতি সহজ। সময়ো কম, বনাবলৈয়ো সহজ এই কনীৰ হালৱা এবাৰ খালে খাইয়ে থাকিবৰ মন যাব আপোনাৰ।
ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণ-
কনী ৬ টা
গাখীৰ ২ কাপ
ঘিউ আধা কাপ
চেনি ১কাপ
ময়দা ৩ ভাগৰ ১ কাপ
শুকান ফল কাজু, খিচমিচ, খেজুৰ আদি
ইলাচি গুৰি প্ৰয়োজনঅনুসাৰে
কিদৰে প্ৰস্তুত কৰিব
প্ৰথমে কনী কেইটা একেলগে ভালদৰে ঘুটি লৈ তাত গাখীৰ খিনি মিলাই লব। আনহাতে এটা কেৰহীত ঘি খিনি দি গৰম হবলৈ দিব। গৰম হলে তাত মিলাই থোৱা মিশ্ৰনখিনি দি লৰাই চেনি খিনি দি লৰাই থাকিব।
এতিয়া ইলাইচি গুৰি খিনি আৰু ময়দা খিনিও দি দিব। লৰাই থাকিব যাতে লাগি নধৰে। মিশ্ৰন খিনি গোটা হলে তাত ড্ৰাই ফ্ৰুইটছ খিনি দি গৰমে গৰমে পৰিবেশন কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ