অসম লাইভ ২৪ঃ কাইলৈ ইছলাম ধর্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ। ঈদ আৰু ছলমান খানৰ চিনেমাৰ যেন এৰাব নোৱৰা সম্পর্ক। ২০০৯ চনৰ পৰা প্ৰতিটো ঈদতে বলীউডৰ তাৰকা অভিনেতাজনে নিজৰ ফেনসকলক উপহাৰ দি আহিছে চিনেমা। এইবাৰো সাজু হৈছে ছলমান খান। আজি মুক্তি লাভ কৰিছে ছলমান খানৰ ছবি ‘ৰাধে অৰ ম’ষ্ট ৱাণ্টেড ভাই’। ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ছবিখন চলচ্চিত্ৰগৃহৰ পৰিৱর্তে OTT প্লেটফর্মত মুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ২০০৯ চনৰ ঈদত প্ৰথমবাৰৰ বাবে ছলমান খানৰ ছবি ‘ৱাণ্টেড’ মুক্তি লাভ কৰিছিল। সেই সময়ছোৱাত ছলমান খানৰ কেৰিয়াৰ ঠিকে চলা নাছিল। কিন্তু প্ৰভু দেৱাৰ নির্দেশনাত মুক্তি লাভ কৰা ‘ৱাণ্টেড’ ছবিখন ছুপাৰহিট হৈছিল। ইয়াৰ পাছত ২০১০ বর্ষত ‘ডাবাং’, ২০১১ বর্ষত ‘বডিগার্ড’, ২০১২ বর্ষত ‘এক থা টাইগাৰ’, ২০১৪ বর্ষত ‘কিক্’, ২০১৫ বর্ষত ‘বজৰংগী ভাইজান’, ২০১৬ বর্ষত ‘চুলতান’, ২০১৭ বর্ষত ‘টিউব লাইট’, ২০১৮ বর্ষত ‘ৰেচ ৩’, ২০১৯ বর্ষত ‘ভাৰত’ ছবি মুক্তি দিছিল। অৱশ্যে ২০১৩ বর্ষত বন্ধু ৰোহিট চেট্টি আৰু শ্বাহৰুখ খানৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’ৰ বাবে ছলমান খানে ঈদত বোলছবি মুক্তি দিয়া নাছিল। একেদৰে ২০২০ বর্ষতো কাল ক’ৰোনাৰ বাবে ঈদত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল। পিছে এবছৰ বিৰতিৰ পাছত ঈদত প্ৰিয় অভিনেতাজনৰ ছবি মুক্তি পোৱাৰ খবৰত এতিয়া উৎফুল্লিত হৈ পৰিছে ছলমানখনৰ ফেন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ