প্ৰেম অন্ধ, ৪ বোৱাৰীৰ গহনা লৈ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে পলাল শাহু
প্ৰেম সঁচাকৈয়ে অন্ধ, প্ৰেমে নামানে কোনো সীমা। এইবাৰৰ এই কাহিনীৰ প্ৰেমে বয়স , সমাজ সকলো পিছত এৰি কেৱল নিজৰ প্ৰেমক আগস্থান দিছে। এই প্ৰেম ৪ পুত্ৰ-বোৱাৰী থকা মহিলাৰ ৩০ বছৰীয়া যুৱকৰ সৈতে। এই কাহিনী উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডৰ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, শাহুগৰাকীয়ে ৪ গৰাকী বোৱাৰীৰ সকলো গহনা লৈ নিজৰ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে ২০ দিন পূৰ্বে পলায়ন কৰে। ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে পৰিয়ালৰ লোক কাষ চাপে আৰক্ষীৰ। কিন্তু আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তদন্ত নকৰে।
যাৰ বাবে পৰিয়ালটোৱে পত্ৰ যোগে নিজৰ দুখৰ খবৰ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক। লগতে আৰক্ষী অধীক্ষকক ন্যায়ৰ বাবে আহ্বান জনায়। ৩০ বছৰীয়া প্ৰেমীকৰ পূৰ্বৰ পত্নীয়ো কাষ চাপিছে আৰক্ষীৰ।
বৰ্তমানেহে আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়ো প্ৰেমিক-প্ৰেমীকৰ সন্ধানত নামি পৰিছে। লগতে পৰিয়ালৰ লোকেও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছে। কিন্তু অদ্যপি কতো কোনো সন্ধান পোৱা নাই দুয়োৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















