অসম লাইভ ২৪ঃ ’২১ৰ নির্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। তেনে সময়তে আজি দুদিনীয়া কার্যসূচীৰে অসমলৈ আহিব ভাৰতীয় নির্বাচনী আয়োগৰ ৬ গৰাকী বিষয়া। ৰাজ্যৰ নির্বাচনী প্ৰেক্ষাপটক লৈ সমীক্ষা চলাব নির্বাচনী আয়োগৰ দলটোৱে। দলটোৰ বিষয়াকেইগৰাকী ক্ৰমে— ধর্মেন্দ্ৰ শর্মা, পংকজ শ্ৰীবাস্তৱ, বিজয় পাণ্ডা, অশোক কুমাৰ, বিপিন কাটৰাও আৰু নৰেন্দ্ৰ এণ্ড ব্ৰুটলিয়া। আজি বিয়লি ৪ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰিব দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















