অসম লাইভ২৪ঃ এক্সত এইবাৰ আপুনি বিচাৰিব পাৰিব মনে মিলা সংগীও৷ এক্সৰ মালিক সলনি হোৱাৰ পাছতেই সলনি হৈছে একাধিক নিয়ম৷ টুইটাৰ ক্ৰয় কৰাৰ পাছত এলন মাস্কে জনাইছিল যে তেওঁৰ টুইটাৰক লৈ কেইবাটাও সপোন আছে৷ তেওঁৰ সপোন হৈছে ‘অল ইন ৱান’ এপত ব্যৱকাৰকাৰীৰ বাবে টুইটাৰক উপলব্ধ কৰোৱা৷ টুইটাৰ ক্ৰয় কৰিয়েই পোনতেই নাম সলনি কৰি এক্স কৰা হৈছে৷
এক্সত ইতিমধ্যেই দীঘল দীঘল টুইট আৰু ভিডিঅ’ আপলোড কৰিব পাৰে ব্যৱহাৰকাৰীয়ে৷ এক্সত ভিডিঅ’ কলিং, ভয়েছ কলিঙৰ সুবিধাও বিগত সপ্তাহৰ পৰা উপভোগ কৰিব পৰা হৈছে গ্ৰাহকে৷ টকা দিয়া আৰু লোৱাৰ দৰে সুবিধাও শীঘ্ৰেই আহিব এক্সত৷ এইবাৰ মাস্কে ঘোষণা কৰা অনুসৰি এক্সক ‘ডেটিং এপ’ হিচাপেও ব্যৱহাৰ কৰিব পৰা কৰি তুলিব গ্ৰাহকে৷
‘দ্যা ভাৰ্জ’ৰ ৰিপৰ্ট অনুযায়ী এক্সৰ এখন মিটিঙত মাস্কে নিজেই জনোৱা অনুসৰি, অতি শীঘ্ৰেই এক্সত ডেটিং এপৰ সমস্ত সুবিধা উপলব্ধ হ’ব৷ মাস্কে এই সন্দৰ্ভত কয়, ‘এই নতুন ফিচাৰৰ ডেভেলপমেণ্টৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে৷’ মাস্কৰ দাবী এই নতুন সা সুবিধাই এক্সক যথেষ্ট উন্নিত কৰি তুলিব৷ মিটিঙতো মাস্কে এক্সক এটা অল ইন ৱান এপলৈ পৰিণত কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে৷ মাস্কৰ ইচ্ছা লিংকডিন, ফেছটাইম, ইউটিউবৰো সকলো সা সুবিধা এক্সতেই গ্ৰাহকে পাব৷ এই এপ ব্যৱহাৰ কৰি গ্ৰাহকে যেতিয়া সকলো সুবিধা লাভ কৰিব তেতিয়া এই এপকেই ব্যৱহাৰ কৰিবলৈ মন মেলিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















