EPFO থকা সকলৰ বাবে সুখবৰ, ATM আৰু UPIৰ সহায়ত উলিয়াব পাৰিব PFৰ টকা
কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন(EPFO) ই লৈ আহি আছে অতিকে সুখবৰ। নতুন বছৰত PF থকা লোক সকলে অতি সহজেই ATM আৰু UPIৰ সহায়ত পোনে পোনে PF একাউন্টৰ পৰা উলিয়াব পাৰিব টকা।
PF একাউণ্টৰ পৰা টকা উলিওৱা সমস্যাৰ বাবেই দীৰ্ঘ দিনৰে পৰা এই সুবিধা অনাৰ বাবে আলোচনা চলি আছিল, সেই সম্পৰ্কেই এতিয়া সুখবৰ আহি গৈছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মণ্ডাবিয়াই এক সাক্ষাতত এই বিষয়ে জানিবলৈ দিয়ে। তেখেতে দিয়া মন্তব্য অনুসৰি ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈ PFৰ গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰিব।
মন্ত্ৰী মনসুখ মণ্ডাবিয়াই সাক্ষাতত লগতে ইয়াকো কয় যে, গ্ৰাহক তথা কৰ্মচাৰীয়ে তেওঁলোকৰ এম্পই প্ৰোভিডেণ্ট ফাণ্ড (EPF)ৰ ৭৫ শতাংশলৈ টকা পোনে পোনে ATM অথবা UPIৰ সহায়ত উলিয়াব পাৰিব।
সেই সাক্ষাতে মন্ত্ৰী মণ্ডাবিয়াই লগতে ইয়াকো কয় যে, চৰকাৰৰ এই সুবিধা অনাৰ মূল লক্ষ্যই হৈছে PFক সহায়-সুবিধাজনক আৰু সকলোফালৰ পৰা ডিজিটেলাইজ কৰা। যাতে গ্ৰাহকে অতি সোনকালে টকা উলিয়াব পাৰে। কাৰণ এই টকা গ্ৰাহকৰ নিজা টকা, সেয়ে যাতে প্ৰয়োজনত এই টকা সহজে উলিয়াব পাৰে কোনো ধৰণৰ সমস্যা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















