মিম, ট্ৰ’লেৰে থকা-সৰকা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। #TeleprompterPM এতিয়া টুইটাৰৰ ট্ৰেণ্ডিঙত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ৰিয়েল পাপ্পু’ আখ্যা সমালোচকৰ। সোমবাৰে ভিডিঅ’ কনফাৰেন্সযোগে World Economic Forumৰ সন্মিলনত সম্বোধন কৰি থকাৰ মাজতে মোদীৰ টেলিপ্ৰম্পটাৰ বিসংগতিৰ ফলত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে প্ৰধানমন্ত্ৰীৰ উদাত্ত ভাষণ। প্ৰায় ২ মিনিটৰ ব্যৱধানতহে পুনৰ আৰম্ভ হয় মোদীৰ ভাষণ। এই ঘটনাৰ পাছতে সমালোচনাৰ সন্মুখীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিৰোধী পক্ষ তথা সমালোচকে তীক্ষ্ন সমালোচনাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ধৰাশায়ী কৰিছে মোদীক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মোদীক উদ্দেশি টুইটাৰত কটাক্ষ- ‘টেলিপ্ৰম্পটাৰেও বহন কৰিব নোৱাৰে এনে মিথ্যাচাৰ’। মুঠৰ ওপৰত দুই মিনিটৰ বিজুতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিৰোধীৰ প্ৰায়সংখ্যক নবীন-প্ৰৱীণ নেতাই। টেলিপ্ৰম্পটাৰ অবিহনে বাকপটু মোদীয়ে ভাষণ প্ৰদান কৰিব নোৱাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। এয়া প্ৰকৃততে টেলিপ্ৰম্পটাৰ বিসংগতি নে প্ৰযুক্তিগত ক্ৰুটি সেইলৈও চৰ্চা দেশজুৰি। উল্লেখ্য, ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে World Economic Forumৰ Davos Agenda Summit 2022। সোমবাৰে State of the World শীৰ্ষক বিশেষ সম্বোধন আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাতেই ঘটিছিল এই বিজুতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ