অসম লাইভ ২৪ঃ যদি আপোনাৰ বিয়াত প্ৰাক্তন প্ৰেমিক উপস্থিত হয়, তেনেহলে কি পৰিৱেশৰ সৃষ্টি হব? প্ৰাক্তন প্ৰেমিকৰ উপস্থিতিত আপুনি আনন্দিত হ’বনে, ভয় খাব? তেনে এক পৰিৱেশৰ সৃষ্টি হ’ল এখন বিয়াত। বিয়াত Ex-Boyfriend উপস্থিত হোৱাৰ পিছত সৃষ্টি হোৱা পৰিৱেশৰ ভিডিঅ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে কইনাই। ঘটনা অনুসৰি বিয়াৰ অনুষ্ঠান চলি থকা সময়ত উপস্থিত হয় Ex-Boyfriend। প্ৰাক্তন প্ৰেমিকে উপস্থিত হৈ কইনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেৰে হেণ্ডচেকৰ বাবে হাত আগবঢ়াই দিয়ে। তেতিয়াই ঘটিল অঘটন। কইনাই হেণ্ডচেক কৰাৰ পৰিৱৰ্তে দৰাৰ ওচৰত গৈ অনুমতি বিচাৰে যে তেওঁ এবাৰ Ex-Boyfriend ক সাৱটি ধৰিব পাৰিব নেকি? অৱশ্যে দৰাই কইনাক সেই অনুমতি দিয়ে। আৰু কইনাই লগে লগে Ex-Boyfriend ক সাৱটি ধৰে। তাৰ পিছত প্ৰাক্তন প্ৰেমিকজনে দৰাকো হেণ্ডচেক কৰি সাৱটি ধৰে আৰু দুয়োকে সুখী হোৱাৰ কামনাৰে শুভেচ্ছা জনায়। সকলোকে আচৰিত কৰা এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ