• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

8 months ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

7 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

1 hour ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

2 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

3 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

5 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

6 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

6 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

7 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

8 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

9 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

editor by editor
November 6, 2025
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
‘জুবিন গাৰ্গ মোৰ বৰ মৰমৰ। জুবিনৰ লগত একেলগে ‘মুকবধিৰ’ৰ কাৰণে কাম কৰিছো। ভৱিষ্যতেও কাম কৰাৰ পৰিকল্পনা আছিল। শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ। বিষয়টো তদন্তৰ আওতাত আছে। ৰাইজৰ যাতে সন্দেহ নহয় তাৰ বাবেই পদত্যাগ কৰিছো।’ মন্তব্য প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ৷ এই মন্তব্য ৰখাৰ ওপৰিও সামাজিক মাধ্যমত বিশেষ প’ষ্ট লিখিছিল ভাস্কৰজ্যোতি মহন্তই৷ অৱশ্যে সেই প’ষ্ট বৰ্তমান সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি দিয়া হৈছে৷
মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰি ভাস্কৰজ্যোতি মহন্তৰ ফে’চবুক পোষ্ট৷ নিজৰ পদত্যাগৰ কথা বৰ্ণনা কৰিলে এনেদৰে— ‘‘অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লোৱাৰ পিছতে মই ২০২৩ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিলো। আৰক্ষী বিষয়া হিচাপে যেতিয়াই যি দায়িত্ব পাইছিলো,সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে নতুন চিন্তাৰে কিবা এটা কৰাৰ যত্ন কৰাৰ দৰেই মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈয়ো মই কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছিলো। ইয়াৰ ভিতৰত তথ্য জনাৰ অধিকাৰ আইনক ব্লেক মেইলিঙৰ আহিলা হিচাপে লোৱা সকলৰ প্ৰতি কঠোৰ হোৱা,অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰি কাৰ্যালয়টোক কাগজ মুক্ত কৰা, বিভিন্ন তথ্য জানিবলৈ আগ্ৰহীসকলৰ সুবিধা হোৱাকৈ অনলাইন আবেদনৰ ব্যৱস্থা কৰা,নিয়মীয়া শুনানি আৰু নিয়মীয়া নিষ্পত্তিৰ জৰিয়তে বিচৰাধীন,অমীমাংসিত আবেদনৰ পাহাৰ কাৰ্যতঃ নোহোৱা কৰা,ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও শুনানিৰ ব্যৱস্থা কৰা,সাধাৰণ মানুহৰ সহায়ক হোৱাকৈ হাতপুথি উলিওৱা আদি অন্যতম।
সি যি কি নহওঁক,অসম তথ্য আয়োগৰ সৈতে এইদৰে একাত্মভাৱে তথা আবেগিকভাৱে জড়িত হৈ পৰা সত্বেও এক বিশেষ পৰিস্থিতিত কাৰ্যকাল সামৰণি পৰাৰ পূৰ্বেই মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছো।আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। এনে পৰিপ্ৰেক্ষিতত মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে,তেতিয়া মানুহৰ মনত যাতে কোনো ধৰণৰ সন্দেহ আৰু সংশয় নাথাকে,তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত।
এই কথা মই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়তো কৈ ৰাখিছিলো ৷লগতে মোৰ সহকৰ্মীসকলক কৈ থৈছিলো-এনেধৰণৰ কিবা আবেদন আহিলেই মোক যাতে লগে লগে অৱগত কৰে। ইমানদিনে তেনে আবেদন অহা নাছিল যদিও শেহতীয়াভাৱে এজন লোকে শ্যামকানু মহন্তকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ চৰকাৰে আগবঢ়োৱা পুঁজি সম্পৰ্কে জানিবলৈ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আবেদন কৰিছে। আবেদনকাৰীগৰাকীয়ে মোলৈ ব্যক্তিগতভাৱেও এখন চিঠি লিখিছে আৰু তাত তেখেতে উল্লেখ কৰিছে যে মোৰ সততা আৰু স্বচ্ছতাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ ভৰসা আছে l যিহেতু তেখেতে জানিবলৈ বিচৰা তথ্যসমূহৰ ভিতৰত শ্যামকানু মহন্তৰ তথ্যও থাকিব,গতিকে মই মুখ্য তথ্য আয়ুক্ত ৰূপে তেনে ধৰণৰ শুদ্ধ ভূমিকাই পালন কৰাটো তেওঁ বিচাৰে ৷ যিহেতু এই বিষয়ে ময়ো ইতিমধ্যে ভাবিয়েই থৈছিলো, গতিকে অলপো পলম নকৰি মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি বিচাৰি মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলো। মোক যিসকলে জানে তেওঁলোকৰ মনত নিশ্চয় এইবিষয়ে সন্দেহ নাই যে মই দায়িত্বত থাকিলেও সেই ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ শুদ্ধ তথ্যই পালেহেঁতেন। তথাপি মানুহৰ মনত যাতে তিলমানো সন্দেহৰ অৱকাশ নাথাকে,তাৰ স্বাৰ্থতে মই এইদৰে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ল’লো।
অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হিচাপে ঘটনাবহুল এছোৱা দীঘলীয়া সময় অসম মাতৃক সেৱা আগবঢ়োৱাৰ লগতে বিগত সময়ছোৱাত মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব পালনৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। মই মহামহিম ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷’’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!
জীৱনশৈলী

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

June 19, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
Next Post
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.