আজি বিশ্বজুৰি হঠাৎ Meta চাৰ্ভাৰ বন্ধ হৈ পৰে, যাৰ ফলত ফেচবুক, ইনষ্টাগ্ৰাম সকলো অচল হৈ পৰে। ফেচবুকৰ অফিচিয়েল ৱেবছাইটতটো Sorry,Something went Wrong বাৰ্তাটো প্ৰদৰ্শিত হৈছে। কিন্তু ইয়াৰ তলত এটা শাৰীত লিখা আহিছিল, “আমি ইয়াৰ ওপৰত কাম কৰি আছো আৰু সোনকালে ইয়াক ঠিক কৰিম।”
ব্যৱহাৰকাৰীৰ প্ৰতিবেদনে ইংগিত দিয়ে যে এই সমস্যা কোনো নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ নহয়, কিয়নো কেইবাখনো দেশৰ লোকে প্ৰায় একে সময়তে একেধৰণৰ সমস্যাই দেখা দিছিল। ভাৰতৰ কেইবাখনো চহৰৰ ব্যৱহাৰকাৰীসকলে মেটাৰ মালিকানাধীন প্লেটফৰ্ম ব্যৱহাৰ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি জনাইছে।

ডাউনডিটেক্টৰে ১২ জুনৰ সন্ধিয়া ৭:০১ বজালৈকে ১০৪,০০১টা অভিযোগো প্ৰকাশ কৰিছে। ৫৬ শতাংশ ব্যৱহাৰকাৰীয়ে ফেচবুক এপ ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হৈছিল, ২৫ শতাংশই একাউণ্টত লগ ইন কৰাত সমস্যাৰ সন্মুখীন হৈছিল, আৰু ১১ শতাংশই ফেচবুক ৱেবছাইটত প্ৰৱেশ কৰাত সমস্যাৰ সন্মুখীন হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















