অসম লাইভ ২৪ঃ এতিয়াৰে পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নীতিবিৰুদ্ধ বিষয় উপস্থাপন তথা শ্বেয়াৰ কৰিব নোৱাৰিব কোনো লোকে। এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কিছু নতুন IT নিয়ম প্ৰৱৰ্তন কৰিছে। যাৰ অধীনত আইন উলংঘনকাৰী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক। সেই অনুসৰি, শুকুৰবাবে ৩ কোটিৰ অধিক বিষয়বস্তুৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে ফেচবুক কৰ্তৃপক্ষই। সংস্থাটোৰ মতে, আইন উলংঘনৰ বিষয়সমূহক ১০টা ভাগত ভাগ কৰা হৈছে। কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই। গুগল, কু এপৰ পাছত ফেচবুকে নীতিবিৰুদ্ধ বিষয় সন্দৰ্ভত চৰকাৰক তথ্য জনোৱাৰ পাছতে ইমষ্টাগ্ৰাম কৰ্তৃপক্ষইও এই সন্দৰ্ভত চৰকাৰক তথ্য দাঙি ধৰিছে। বৰ্তমানলৈকে ইমষ্টাগ্ৰামে ২ কোটিৰ অধিক বিষয়বস্তু সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। এনেধৰণৰ বিষয়বস্তু চিনাক্ত কৰিবলৈ আৰটিফিচিয়েল ইনটেলিজেন্সৰ ব্যৱহাৰ কৰিছে বুলিও দাবী কৰিছে ইনষ্টাগ্ৰামে। নতুন আইন মানি এইসমূহ তথ্য প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ