অসম লাইভ২৪ঃ কি নাম দিব এই অসহায়তাক? ঋণ লৈ সামান্য পৰিমানে মাটি ক্ৰয় কৰিব বিচাৰিছিল। কিন্তু সেই ঋণেই এতিয়া সৰ্বস্ব হেৰুৱাই দিলে এইগৰাকী ব্যক্তিৰ। উত্তৰপ্ৰদেশৰ আলিগড়ত ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰি সন্তানক বিক্ৰি কৰিবৰ বাবে ৰাস্তাত সন্তান আৰু প্লে কাৰ্ড লৈ বহিছে এজন অসহায় পিতৃ। প্লেকাৰ্ডত হিন্দীত লিখা আছে কেইটামান শাৰী।
সেই প্লেকাৰ্ডত লিখা আছে, ‘সন্তানৰ বিক্ৰি কৰিব খোজা হৈছে। মই মোৰ সন্তানক বিক্ৰি কৰিব খোজো।’ এই প্লেকাৰ্ড দেখিয়েই আৰক্ষীয়ে তাৎক্ষণিকভাৱে সন্তান আৰু পিতৃগৰাকীক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছে। আৰক্ষীয়ে আঁতৰাই পঠিওৱাৰ পূৰ্বেই কিন্তু সেই অসহায় পিতৃ বন্দী হ’ল বহুজনৰ কেমেৰাত। পিতৃগৰাকীৰ ছবি বিয়পি পৰিল সমগ্ৰ দেশত। এই অসহায়তাক লৈ বহুজনৰ মনতেই প্ৰশ্ন এই দেশৰ একাংশ নাগৰিকে আকৌ এবাৰ ইচ্ছাৰ বিপৰীতে গৈ দাস প্ৰথাকেই শ্ৰেয় বুলি মানি সন্তানৰেই দাম দৰ কৰিবলৈ বাধ্য হৈ পৰিছে নেকি?
ভাইৰেল পিতৃগৰাকী আলিগড়ৰ ই-ৰিক্সাচালক ৰাজকুমাৰ। দাৰিদ্ৰতাৰ সৈতে নিত্য নৈমিত্ৰিক সংঘৰ্ষ চলাই ভাগৰি পৰা এজন অসহায় পিতৃ ৰাজকুমাৰ। ই-ৰিক্সাখনেই তেওঁৰ উপাৰ্জনৰ একমাত্ৰ উপায়। সেই ৰাজকুমাৰ এতিয়া ভাগৰি পৰিছে। সেয়ে ৰাজকুমাৰে নিজৰ দুই সন্তানৰ বিক্ৰি কৰিব খুজিছে। ফুটপাথৰ প্লেকাৰ্ড লৈ বহি সন্তানৰ দৰ দাম কৰিছে পিতৃ ৰাজকুমাৰে। ৫ ৰ পৰা ৬লাখ টকা সন্তানে প্ৰতি। ইয়াতকৈ অলপ কম দিলেও চলিব। কিন্তু নিজা সন্তানক বিক্ৰি কৰিব খোজাৰ আঁৰৰ কাৰণ কি?
সূত্ৰৰ খবৰ অনুসৰি ৰাজকুমাৰে এটুকুৰা মাটি ক্ৰয়ৰ বাবে স্থানীয় ঋণত লোৱা এই ধন ৰাজকুমাৰে অন্য কামত খৰচ কৰি পেলায়। ইফালে মহাজনৰ ঋণৰ কিস্তি সময়মতে দিব নোৱাৰাত নানান অত্যাচাৰৰ মুখামুখি হয় ৰাজকুমাৰ। ৰাজকুমাৰৰ অভিযোগ অনুসৰি একাধিকবাৰ মহাজনে তেওঁক নিজৰ থকা ঘৰৰ পৰাই পৰিয়ালসহিতে বাহিৰ কৰি দিছে। মাৰধৰো কৰা হৈছে। ধন সময়মতে নিদিয়াৰ বাবে ৰাজকুমাৰৰ ই-ৰিক্সাখনো মহাজনে কাঢ়ি লয়। সকলোবোৰ হেৰুৱাই অসহায় হৈ পৰা ৰাজকুমাৰে লক্ষ্য স্থিৰ কৰে যে তেওঁৰ সন্তানক বিক্ৰি কৰি দিব। সেই অনুসৰিয়েই প্লেকাৰ্ড লিখি ফুটপাথত বহি পৰে স্ত্ৰী আৰু সন্তানক লৈ। দ্যা টাইমছ অফ ইণ্ডিয়াৰ সন্মুখত দিয়া সাক্ষাৎকাৰত ৰাজকুমাৰে কয়, ‘মাটি ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকাৰ ঋণ লৈছিলো। কিন্তু মাটিও ক্ৰয় কৰিব নোৱাৰিলো। মই সেই ধন অন্য কামত খৰচ কৰিব লগা হ’ল। মহাজনক ঋণৰ ধন সময়মতে দিব নোৱাৰাত মহাজনে মোক সন্তান আৰু পত্নীৰ সন্মুখতেই মাৰপিট কৰে। মোক ঘৰৰ পৰা ওলিয়াই দি সেই ঘৰো দখল কৰি লৈছে। মোৰ উপাৰ্জনৰ একমাত্ৰ পথ ৰিক্সাখনো কাঢ়ি ল’লে। থানালৈ গ’লে আৰক্ষীয়ে কোনোধৰণৰ সহায় নকৰে। মোৰ মহাজনৰ বিৰুদ্ধে দিয়া এজাহাৰো আৰক্ষীয়ে গ্ৰহণ নকৰে।’
ৰাজকুমাৰৰ দাবী, ইতিমধ্যেই তেওঁ ঋণৰ ৬০০০টকা ওভতাই দিছে। বাকী টকা ওভটাই দিম বুলিও কৈছিলো। কিন্তু মহাজনৰ অত্যাচাৰ নকমিল। সেয়ে শেষত উপায়হীন হৈ সন্তানকেই বিক্ৰি কৰি দিয়াৰ সিদ্ধান্ত লয়। সেই সিদ্ধান্তমৰ্মেই তেওঁ ফুটপাথত প্লেকাৰ্ড লৈ বহি পৰে। এই দৃশ্য সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। বিষয়টোক অমৃতকালৰ সৈতে তুলনা কৰি নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে এছ পি প্ৰধান অখিলেশ যাদৱে। অভিযুক্ত মহাজনক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজকুমাৰে সন্তানক লৈ ঘৰলৈ ওভটি যোৱা বুলিও জনাইছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ