অসম লাইভ ২৪ঃ সংক্ৰামক ক’ৰোনা ভাইৰাছৰ প্ৰথমখন পৰীক্ষামূলক ফটো প্ৰকাশ। ‘ইউনিভাৰচিটি অৱ ব্ৰিটিছ কলম্বিয়া’ৰ গৱেষকে প্ৰকাশ কৰিছে ‘B.1.1.7’ প্ৰজাতিবিধৰ এই ফটো। ভাৰতত ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সৃষ্টি কৰিছিল ‘B.1.1.7’ ভাইৰাছে। বিগত বৰ্ষৰ ডিচেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ‘B.1.1.7’ ভাইৰাছৰ বিষয়ে অৱগত কৰিছিল। ক্ৰায়’ ইলেক্ট্ৰন মাইক্ৰ’স্কোপি ব্যৱহাৰ কৰি ‘ইউনিভাৰচিটি অৱ ব্ৰিটিছ কলম্বিয়া’ৰ গৱেষকে ভাইৰাছবিধৰ সন্দৰ্ভত অধ্যয়ন কৰি প্ৰকাশ কৰিছে ফটো। গৱেষকৰ দলটোক নেতৃত্ব দিছিল ডঃ শ্ৰীৰাম সুব্ৰমণিয়মে। গৱেষকসকলে মতে, কোভিড ভেকচিনৰ জৰিয়তে শৰীৰত উৎপন্ন হোৱা অধিকাংশ এণ্টিবডিয়ে ‘B.1.1.7’ ভাইৰাছবিধক নিষ্ক্ৰিয় কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ