• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

8 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

8 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

10 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

11 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

12 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

12 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

13 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

13 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

14 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

editor by editor
February 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা
0
SHARES
837
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰামমন্দিৰত উদ্বোধনৰ কেইটামান দিনৰ পাছতেই বাৰাণসীৰ জ্ঞানবাপী মছজিদত আৰম্ভ হৈছে পাঁচ দফীয়া পূজা অৰ্চনা। মছজিদৰ এটা ছিল কৰা তেহখানাক লৈ বহু দিন ধৰি হিন্দু আৰু মুছলমান দুই পক্ষৰ মাজত বিবাদ চলি আছিল। চলিত সপ্তাহৰ বুধবাৰে বাৰাণসীৰ জিলা আদালতে সেই তহখানাত পুজা কৰাৰ অনুমতি দিছে। জিলা আদালতৰ ন্যায়াধীশ অজয়কুমাৰ বিশ্বেসৰৰ সেই নিৰ্দেশ মানি বৃহস্পতিবাৰে বিয়লি জিলা প্রশাসনৰ উদ্যোগত আৰম্ভ হৈছে আৰতি আৰু পুজাপাঠ। সেই পুজাৰ ছবি আৰু ভিডিঅ’ প্ৰকাশো হৈছে।

ন্যায়াধীশ বিশ্বেসৰৰ নিৰ্দেশ আছিল যে এক সপ্তাহৰ ভিতৰত বেৰিকেড এৰোৱাই ‘ব্যাস কা তেহখানাক’ক পুজাৰ বাবে প্ৰস্তুত কৰি তোলা। এই নিৰ্দেশৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই প্রশাসনিক তৎপৰতা আৰম্ভ হৈছে। সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ৬ফেব্ৰুৱাৰী(মঙলবাৰে) সাধাৰণ ভক্তৰ বাবে খুলি দিয়া হ’ব পাৰে ভূগৰ্ভস্ত সেই বিশেষ কক্ষটো। জিলা প্রশাসনে জনোৱা অনুসৰি দৈনিক পাঁচ দফা আৰতি-পূজাপাঠ হ’ব জ্ঞানবাপীৰ তেহখানাত।

পুৱতি নিশা ৩বজাত মঙ্গলা, দুপৰীয়া ১২টাত ভোগ, বিয়লী ৪বজাত অপৰাহ্ৰ, সন্ধিয়া ৭বজাত সন্ধ্যাকাল আৰু নিশা প্ৰায় চাৰে ১০ বজাত শয়ন। জিলা প্ৰশাসনৰ তত্ত্বাবধানত জ্ঞানবাপী কাশী বিশ্বনাথ মন্দিৰৰ পুৰোহিতেই বৃহস্পতিবাৰে আৰতি আৰু পূজাৰ্চনা কৰিছে। দুটা তেহখানাৰ মাজৰ এটাতহে হিন্দুৰ প্ৰৱেশৰ অনুমতি দিছে বাৰাণসী জিলা আদালতে। জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰৰ বিখ্যাত নন্দীমূৰ্তিৰ মাত্ৰ ২০ ফুট দূৰত আছে ‘ব্যাস কা তেহখানা’।

ভূগৰ্ভস্থ কক্ষতো দেৱদেৱীৰ মূৰ্তি আছে বুলি হিন্দু পক্ষই দাবী কৰি আহিছে। কিন্তু সেই স্থানত হিন্দুক পুজাপাঠৰ অনুমতি অৱশ্যে দিয়া নাই বাৰাণসী জিলা আদালতে। বিশেষভাৱে ছিল কৰি ৰখা ওজুখানাতো পূজা-পাতল কৰাৰ অনুমতি দিয়া হোৱা নাই। ২০২২ চনৰ পৰা আদালতৰ নিৰ্দেশত মছজিদৰ ওজুখানা অংশটো ছিল কৰি ৰখা হৈছে। ‘স্বয়ম্ভূ জ্যোতিৰ্লিংগ ভগৱান বিশ্বেশ্বৰ’ নামেৰে পৰিচিত সেই অংশটোতেই প্ৰাচীন শিৱলিংগ লাভ কৰিছে বুলি দাবী হিন্দুপক্ষৰ। মছজিদ কমিটিৰ দাবী, সেয়া একেবাৰেই মিছা। কিন্তু কোন সঁচা কোন মিছা সেই বিচাৰ এতিয়া আদালতেহে কৰিব। ইয়াৰ মাজতেই, সোমবাৰে হিন্দুসকলৰ তৰফৰ পৰা ছুপ্ৰিম কৰ্টত আৱেদন কৰা হৈছিল যে, সেই শিৱলিংগৰ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা হওক আৰু য’ত সেই শিৱলিংগটো পোৱা গৈছে তাতেই প্ৰত্নখননৰ অনুমতি দিয়া হওক।

হিন্দুুপক্ষৰ এই দাবীৰ বিপৰীয়ে মুছলমান পক্ষৰ দাবী, মছজিদ চত্বৰৰ সমীক্ষামতে, ১৯৯১ চনৰ ধৰ্মীয় উপাসনাস্থল ৰক্ষা আইনৰ পৰিপন্থী। নন্দীমূৰ্তিৰ কেইবা ফুট দূৰৰ পৰা আৰম্ভ হৈছে জ্ঞানবাপী মছজিদৰ পৰিসৰ। মাজতেই আছে অস্থায়ী ধাতৱ বেৰ। সূত্ৰৰ খবৰ অনুসৰি মছজিদৰ মূল গেট ব্যৱহাৰ নকৰি হিন্দু ভক্তসকলৰ বাবে সেই বেৰ এৰুৱাই ‘ব্যাস কা তেহখানালৈ’ যোৱাৰ ব্যৱস্থা কৰা হ’ব পাৰে। জ্ঞানবাপী মছজিদত ‘বৈজ্ঞানিক সমীক্ষা’ৰ যি ৰিপৰ্ট ভাৰতীয় পুৰাতত্ত্ব( আৰ্কিয়লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া বা এএছআইয়ে) জমা দিছে তাৰ ভিত্তিত আদালতে বুধবাৰে ৰায় দিছে। অঞ্জুমান ইন্তেজামিয়া(জ্ঞানবাপী) মছজিদ কমিটিৰ তৰফৰ পৰা আগন্তুক বৃহস্পতিবাৰ( ৮ফেব্ৰুৱাৰী)ত চেলেঞ্জ জনাই এলাহবাদ হাই কৰ্টত আৱেদন জনাব পাৰে মছজিদ কমিটিয়ে।

মছজিদ কমিটিৰ অধিবক্তা মুমতাজ আহমেদে কয়, বাৰাণসী আদালতৰ ৰায়ক আমি হাইকৰ্টত চেলেঞ্জ জনাম।’ হিন্দুপক্ষৰ দাবী, ‘ব্যাস কা তেহখানা’ত দীৰ্ঘ দিন ধৰি ব্যাস পুৰোহিত বংশৰ দখলত আছিল। তেওঁলোকে এসময়ত তাত বসবাসো কৰিছিল। শৈলেন্দ্ৰকুমাৰ পাঠক ব্যাস নামেৰে সেই বংশৰ পুৰোহিতে আদালতত জনাই, ১৯৯৩ চনলৈকে তেওঁ তাত পূজা-অৰ্চনা কৰিছিল। ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ পাছতেই উত্তেজনা কমাবলৈ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিংহ যাদৱৰ চৰকাৰে এই স্থানত পূজা পাতল কৰাটো বন্ধ কৰি দিছিল। তেতিয়া তাৰ পুৰোহিত আছিল সোমনাথ ব্যাস। শৈলেন্দ্ৰ সোমনাথৰ উত্তৰাধিকাৰী হিচাপে আকৌ পূজা কৰাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। জিলাশাসকক সেই তেহখানাৰ ৰিছিভাৰ হিচাপে নিয়োগ কৰাৰ বাবে আৱেদনো কৰা হৈছিল। জ্ঞানবাপীত পুজা কৰাৰ অনুমতি বিচাৰি স্থানীয় পাঁচগৰাকী হিন্দু মহিলাৰ তৰফৰ পৰা আদালতত পৃথক আৰ্জি জনোৱা হৈছিল। অৱশেষত আদালতে ব্যাস কা তেহখানাত পূজা কৰাৰ অনুমতি প্ৰদান কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.