কুবেৰ হৈছে ধন-সম্পত্তিৰ অধিপতি। উত্তৰ-পূব দিশটো পৰিষ্কাৰ কৰি ৰাখিলে ঘৰত থকা ধনৰ লগত জড়িত প্ৰায়বোৰ সমস্যা নাইকিয়া হ’ব। উপাসনাৰ স্থান উত্তৰ-পূব দিশত কৰাটোৱেই উত্তম বুলি বিবেচিত। পূজাস্থলী সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ উপৰিও গধুৰ বস্তুও এই দিশত ৰাখিব নালাগে। গধুৰ বস্তু ৰখাৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব। কুবেৰযন্ত্ৰ স্থাপন কৰিলে আৰ্থিক লাভ হ’ব। ঘৰৰ উত্তৰ দিশত কুবেৰযন্ত্ৰ স্থাপন কৰিলে আৰ্থিক সমৃদ্ধি আহে।
মানি চলিবলগীয়া নিয়ম
- ঘৰৰ চিৰিবোৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে। চিৰি নিৰ্মাণ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব।
- প্ৰতিদিনে পুৱা আৰু গধূলি এগছি চাকি জ্বলাব লাগে।
- চেণ্ডেল আৰু জাবৰ-জোঁথৰ উত্তৰ-পূব দিশত ৰাখিব নালাগে। এনে কৰিলে দেৱী লক্ষ্মীৰ ক্ৰোধ বাঢ়ে।
- বাথৰুম উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে। এনেকৈ বাথৰুম বনালে ঘৰলৈ নেতিবাচক শক্তি আহে।
- টকা সদায় উত্তৰ দিশত ৰাখিব লাগে। এনে কৰিলে আৰ্থিক লাভ হ’ব।
- ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি লেতেৰা হয়, তেন্তে দেৱী লক্ষ্মী ঘৰত উপস্থিত নাথাকে।
বাস্তু শাস্ত্ৰৰ এই নিয়মাৱলী পালন কৰিলে ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাব আৰু ধন-সম্পত্তি বাঢ়িব। অৱশ্যে বাস্তুৰ প্ৰতিকাৰ মাথোঁ নিৰ্দেশনাহে। আমি আমাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক একত্ৰিত কৰি সু-ফলাফল পাবলৈ চেষ্টা কৰা উচিত।
অস্বীকাৰঃ অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য জ্যোতিষৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এনিশ্চিত নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















