অসম লাইভ২৪ঃ অযোধ্যাত পূণ্যদৰ্মে চলিছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। আগন্তুক ২২ জানুৱাৰী ২০২৪ৰ শনিবাৰে ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। উদ্বোধনী অনুষ্ঠানত অংশ ল’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইদিনা আনুষ্ঠানিকভাৱে ৰামলালৰ বিগ্ৰহৰ প্ৰাণপ্ৰতিষ্ঠাও কৰা হ’ব। অযোধ্যাত ২.৭ একৰ ভূমিত প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰ প্ৰায় ১৬২ ফুট ওখ। মন্দিৰৰ ভিতৰত শ্ৰী ৰামৰ মূল মন্দিৰটোৰ ওপৰিও অইন ৬টা মন্দিৰৰ নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ মূল অংশক সিংহদ্বাৰ নামেৰে নামকৰণ কৰা হৈছে। মন্দিৰ নিৰ্মাণ কৰাৰ ওপৰিও চলিছে সমগ্ৰ অযোধ্যা নগৰীক সজাই তোলাৰ কাম। ত্ৰেতাযুগৰ সাজসজ্জাৰে সজাই তোলা হৈছে অযোধ্যা চহৰক। ৰাম যিহেতু ত্ৰেতাযুগত জন্মগ্ৰহণ কৰিছিল সেয়ে ত্ৰেতাযুগৰ দৰেই প্ৰাচীন এটা ৰূপ দিব খোজা হৈছে অযোধ্যাক।
শ্ৰীৰামচন্দ্ৰ আছিল সূৰ্যবংশীয় ৰজা। সেয়ে অযোধ্যাৰ ৰাস্তাৰ দুইকাষে তৈয়াৰ কৰা হৈছে ছান পিলাৰ বা সূৰ্যৰ মুখৰ কল্পনাৰে একোটা বিশেষ পিলাৰ। জিলা প্ৰশাসনে জনোৱা অনুসৰি যি ৰাস্তাৰে ৰাম মন্দিৰলৈ যোৱা হৈছে সেই ৰাস্তাৰ নাম দিয়া হৈছে ধৰ্মপথ। নয়াঘাটৰ পৰা ছাহাদতগঞ্জ যোৱা ৰাস্তাৰ নাম দিয়া হৈছে ৰামপথ। এই সকলো পথৰ কাষৰ দেৱালসমূহত অংকন কৰা হৈছে ৰামায়ণৰ বিভিন্ন ছবি। ছবিৰেই ৰামায়ণৰ কাহিনী ফুটাই তুলিব খোজা হৈছে। ত্ৰেতাযুগত টেৰাকটা কাম যথেষ্ট প্ৰসিদ্ধ আছিল। সেই শিল্পও আকৌ এবাৰ ফুটাই তুলিব খোজা হৈছে অযোধ্যাত।
কেনে আছিল ত্ৰেতা যুগ?
হিন্দু ধৰ্ম অনুসৰি মহাকালৰ চাৰি যুগ হৈছে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ। মানৱ সভ্যতাৰ দ্বিতীয় পৰ্যায় হৈছে ত্ৰেতা যুগ। সনাতন ধৰ্ম অনুসৰি সত্য যুগৰ অৱসানৰ পাছতেই ত্ৰেতা যুগৰ সূচনা হয়। পুৰাণ অনুসৰি প্ৰায় ১২ লাখ ৯৬ হাজাৰ বছৰ পূৰ্বে ত্ৰেতা যুগৰ অস্তিত্ব আছিল। ত্ৰেতাযুগত মানুহৰ গড় আয়ুস আছিল প্ৰায় ১০ হাজাৰ বছৰ। ত্ৰেতা যুগত আছিল ৩ভাগ ধৰ্ম আৰু এভাগ অধৰ্ম। বেছিভাগ মানুহেই সেই সময়ত ধৰ্মৰ পথত চলি নিজৰ কৰ্ম অনুসাৰে ফল লাভ কৰিছিল।
ত্ৰেতা যুগৰ সৈতে ৰামচন্দ্ৰৰ সম্পৰ্ক
ত্ৰেতা যুগত তিনিটা অৱতাৰ ধাৰণ কৰিছিল বিষ্ণুৱে। এই তিনি অৱতাৰ হৈছে বামন অৱতাৰ, পৰশুৰাম অৱতাৰ আৰু শ্ৰী ৰাম অৱতাৰ। শ্ৰী বিষ্ণুৰ দশ অৱতাৰৰৰ অন্যতম মৰ্যদাপুৰুষোত্তম শ্ৰী ৰামে ত্ৰেতা যুগত জন্মগ্ৰহণ কৰিছিল। মহৰ্ষি বাল্মীকি ৰচিত ৰামায়ণ অনুসৰি অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ্যপুত্ৰ আছিল ৰাম। পিতাৰ আদেশ মানি তেওঁ ১৪ বছৰৰ বাবে বনবাসে খাটিছিল। সেই সময়ত ৰাৱণ আৰু অন্য ৰাক্ষকসকলক বধ কৰিছিল তেওঁ। ১৪ বছৰ পাছত অযোধ্যালৈ উভতি আহি তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ