‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ এক চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছে। এসময়ত শচীন টেণ্ডুলকাৰতকৈ ভাল বুলি গণ্য কৰা হৈছিল খেলুৱৈগৰাকীক। যি কেতিয়াও খেলপথাৰত ৰান সংগ্ৰহ কৰি ভাগৰি পৰা নাছিল। সেই বিনোদ কাম্বলী এতিয়া ভালদৰে খোজ কাঢ়িবও নোৱাৰে।
এই ভাইৰেল ভিডিঅ’টো দেখি বহু ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। কোনোৱে কৈছে বিনোদ কাম্বলীয়ে সুৰা পান কৰিছে কোনোৱে কৈছে কাম্বলী অসুস্থ বুলি। পাছে প্ৰকৃততে সত্যতা কি সেয়া জানিব পৰা হোৱা নাই।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে বিনোদ কাম্বলী এখন বাইকৰ ওচৰত থিয় হৈ আছে। কেইছেকেণ্ডমান থিয় হৈ থাকে। তাৰ পিছত হঠাতে তেঁও বাগৰি পৰাৰ দৰে হয়। লগে লগে ওচৰতে থিয় হৈ থকা কেইগৰাকীমান ব্যক্তিয়ে কাম্বলীক সহায়ৰ বাবে আগবাঢ়ি যায়।
কাম্বলীৰ এই ভিডিঅ’ত শ শ মন্তব্য আহিছে। বহুতে লিখিছে বিনোদ কাম্বলিয়ে সুৰা সেৱন কৰি খোজ কাঢ়িব পৰা নাই। কিছুমানে তেওঁৰ অসুস্থতাৰ উদ্ধৃতি দি কৈছে যে তেওঁ পূৰ্বেও এনেদৰে বহুবাৰ অসুস্থ হৈ পৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে বিনোদ কাম্বলীলৈ চালে দেখা নাযায় যে তেওঁ মদ্যপান কৰিছে। তেঁও নিশ্চয়কৈ বেমাৰত পৰিছে।
বিগত বছৰবোৰত বহুতো ৰোগৰ সৈতে যুঁজিছে বিনোদ কাম্বলিয়ে। কেইবছৰমান পূৰ্বে হাৰ্ট এটেকো হৈছিল বিনোদ কাম্বলীৰ। কাম্বলীৰ বৰ্তমানে আৰ্থিক অৱস্থা একেবাৰে বেয়া বুলি জানিব পৰা গৈছে।
ক্ৰিকেটৰ কথা ক’বলৈ গ’লে বিনোদ কাম্বলিয়ে ভাৰতৰ হৈ ১০৪খন এদিনীয়া আৰু ১৭খন টেষ্ট মেচ খেলিছে। তেওঁ এদিনীয়া ক্ৰিকেটত ২টা শতক আৰু ১৪টা অৰ্ধশতকৰ সহায়ত ২৪৭৭ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ক্ৰিকেটত চাৰিটা শতকৰ সহায়ত ১০৮৪ ৰান সংগ্ৰহ কৰিছে বিনোদ কাম্বলিয়ে। ইয়াৰ ভিতৰত দুটা ডাবল চেঞ্চুৰীও অন্তৰ্ভুক্ত।
https://www.youtube.com/shorts/5xMPsdVX-F0?feature=share
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ