অতিকে শোকাৱহ, যাত্ৰী ভৰ্তি বাছ বাগৰি ৪ গৰাকী নিহত ৩২ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
আজি ৬ জানুৱাৰীৰ পুৱাই আহিছে এক অতিকে শোকাৱহ ঘটনাৰ খবৰ। এখন যাত্ৰীভৰ্তি বাছ বাগৰি মৃত্যুক আকোৱালি লয় ৪ গৰাকীকৈ লোকে। ইয়াৰ বাহিৰে অন্য ৩২ গৰাকী লোক গুৰুতৰভাৱে আহত। যাৰ ফলত এতিয়া মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা।
এই শোকাৱহ ঘটনা সংঘটিত হৈছে কেৰালাত। যাত্ৰীৰে ভৰ্তি এখন চৰকাৰী বাছ দুৰ্ঘটনাত সংঘটিত হৈ ৩০ ফুট দ’ খাৱৈত বাগৰি পৰে এই দুৰ্ঘটনা সংঘটিত হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কেৰালাৰ ইডুক্কীত এখন চৰকাৰী বাছৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৬.১৫ মানত বাছখন দুৰ্ঘটনাত পতিত।
দুৰ্ঘটনাটোৰ ফলত ৩ গৰাকী মহিলা সহ এগৰাকী লোকৰ মৃত্যু হয়। আহত সকলৰ বৰ্তমানে মুণ্ডাকায়ম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ