জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ হ’বলৈ বেছিদিন নাই। এতিয়াও জুবিন ঘটনা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। জুবিনৰ আকস্মিক মৃত্যুক অসমৰ ৰাইজ আৰু পৰিয়ালৰলোকে সহজে মানি ল’ব পৰা নাই। ১৯ ছেপ্টেম্বৰ, ২০২৫। অসমৰ সংগীতজগতৰ বাবে দিনটো পৰিণত হৈছিল এক ক’লা দিনত। এই দিনটোতে চিংগাপুৰত মৃত্যুক আঁকোৱালি লৈছিল অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।
জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ হোৱা দিনটোত এজন ই-ৰিক্সা চালকে দেখুৱাইছে মহানুভৱতা। নলবাৰী জিলাৰ এজন ই-ৰিক্সা চালক, যিয়ে বৰ্তমান তেওঁৰ এক বিশেষ পদক্ষেপৰ বাবে চৰ্চালৈ আহিছে। তেওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এক ব্যতিক্ৰমী ঘোষণা কৰিছে। অহা ১৯ ছেপ্টেম্বৰত (জুবিন দিৱস) তেওঁ যাত্ৰীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ ই-ৰিক্সা সেৱা আগবঢ়াব। ১৯ ছেপ্টেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে নলবাৰী চহৰত তেওঁৰ ই-ৰিক্সাত যাত্ৰীসকলে বিনামূলীয়াকৈ যাব পাৰিব।
প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি থকা অপৰিসীম মৰম আৰু সন্মানৰ বাবেই তেওঁ নিজৰ উপাৰ্জন ত্যাগ কৰি এই অভিনৱ ট্ৰিবিউট জনোৱাৰ সিদ্ধান্ত লৈছে। এতিয়া ছ’চিয়েল মিডিয়াত তেওঁৰ এই পদক্ষেপক জুবিন অনুৰাগী তথা সাধাৰণ ৰাইজে তীব্ৰ প্ৰশংসা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















