নিমখ খালেও কমাই খোৱা ভাল বুলি প্ৰায়সংখ্যক চিকিৎসাবিদেই কয়৷ কোনো কোনোৱে কয় যে ওজন বাঢ়ি গ’লেও নিমখৰ মাত্ৰা কমাই খোৱাটো দৰকাৰ৷ হাৰ্ট, কিডনিৰ অসুখতো নিমখ খোৱাৰ মাত্ৰা বান্ধি দিয়ে চিকিৎসকে৷ সেয়ে ভাৱিচিন্তি নিমখ খোৱা কমাই দিলে বিপদত পৰিব পাৰে আপুনি৷ শৰীৰত ছডিয়াম বা নিমখৰ কোনো ভূমিকা নাই বুলি ভৱাটো ভুল ধাৰণা৷ চিকিৎসকৰ পৰামৰ্শ অবিহনেই নিজাকৈ কেতিয়াও তেনে সিদ্ধান্ত গ্ৰহণ নকৰিব৷
শৰীৰত তৰলৰ ভাৰসাম্য ৰক্ষাত নিমখ বা ছডিয়ামৰ প্ৰয়োজনীয়তা আছে৷ ৰক্তচাপ নিয়ন্ত্ৰণতো নিমখৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ স্নায়ুৰ কামৰ পৰা মাংসপেশীৰ সক্ৰিয়তা বজায় ৰাখিবলৈকো ছডিয়ামৰ প্ৰয়োজন৷ নিমখৰ মাত্ৰা কমালে শৰীৰৰ ইলেকট্ৰলাইটৰ ভাৰসাম্য নষ্ট হ’ব পাৰে৷ সেয়ে নিমখ কেৱল স্বাদ বৃদ্ধিৰ উপকৰণ হিচাপে ভৱাটো এক ভুল ধাৰণা৷
দীৰ্ঘ সময় ধৰি কম নিমখযুক্ত খাদ্য খালে কি প্ৰভাৱ পৰে শৰীৰত?
চিকিৎসকৰ পৰামৰ্শ অবিহনে নিমখ খোৱা হঠাৎ কমাই দিলে তাৰ প্ৰভাৱ পৰিব পাৰে শৰীৰত৷ ৰক্তৰ ঘনত্ব কম বেছি হ’ব পাৰে৷ ৰক্তচাপ হঠাৎ নামি যাব পাৰে৷ আনকি কিডনিৰ ওপৰতো চাপ বাঢ়িব পাৰে৷ ৰক্তচাপ, শৰীৰৰ তৰল নিয়ন্ত্ৰণকাৰী হৰমন ৰেনিন-এঞ্জিওটেনছিন-এলডোষ্টেৰণৰ দৰে হৰমনৰ মাত্ৰাৰ ওপৰতো প্ৰভাৱ পেলাই নিমখৰ ঘাটিয়ে৷
শৰীৰত ছডিয়ামৰ মাত্ৰা মাৰাত্মকভাৱে কমি গলে হাইপোনট্ৰেমিয়াও হব পাৰে৷ এনে হলে দুৰ্বল বোধ হ’ব, মস্তিষ্কই ঠিকমতে কাম কৰিব নোৱাৰিব পাৰে৷
হঠাৎ ক্লান্তি
নিমখ খোৱাৰ মাত্ৰা এক ধাক্কাত বহুপৰিমাণে কমি গলে ক্লান্তি, দুৰ্বলতাই ঘেৰি ধৰিব পাৰে৷ কাৰণ স্নায়ুৱিক বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত ছডিয়ামৰ জৰুৰি ভূমিকা থাকে৷ ফলত খনিজৰ অভাৱ ঘটিলে, মস্তিষ্কতো তাৰ প্ৰভাৱ পৰিব৷ ৰক্তচাপ হঠাৎ কমি গলে মস্তিষ্কত ৰক্ত সঞ্চালনৰ অভাৱ ঘটিব পাৰে৷ ফলত শৰীৰে স্বাভাৱিৱ দৈহিক কাজকৰ্ম কৰাত অসমৰ্থ হ’ব৷ তাৰ ফলত মূৰ ঘূৰোৱা, ক্লান্তি লগাৰ দৰে লক্ষণে দেখা দিব পাৰে৷ ইয়াৰোপৰি শৰীৰত পানী আৰু খনিজৰ মাত্ৰাৰ হেৰফেৰ হ’লে পেশী টানি ধৰা সমস্যাই দেখা দিব পাৰে৷ কিডনিৰ অসুখৰ ৰোগীসকলক নিমখ কমকৈ খাবলৈ কোৱা হয় কিন্তু ছডিয়ামৰ মাত্ৰা উল্লেখযোগ্যভাৱে কমি গলে কিডনিৰ পক্ষেও কাম কৰা সম্ভৱ হৈ নাথাকে৷
কি কৰা উচিত?
বেছি নিমখ খোৱা ক্ষতিকৰ হলেও কম মাত্ৰাত হলেও ছডিয়াম শৰীৰৰ বাবে জৰুৰী৷ অতিৰিক্ত নিমখ খোৱা এৰিবলৈ চিকিৎসকে প্ৰক্ৰিয়াজাত, পেকেটজাত আদি খোৱা কমাবলৈ পৰামৰ্শ দিয়ে৷ চিকিৎসকে জনোৱা অনুসৰি হাৰ্ট, উচ্চ ৰক্তচাপ, কিডনিৰ অসুখত ৰোগীসকলে অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ মানি নিমখৰ মাত্ৰা নিৰ্ধাৰণ কৰা প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















