অসম লাইভ২৪ঃ ইতিমধ্যে পাঠান আৰু বাহুবলীক পিছপেলাই নজিৰ গঢ়িছে ছানী দেওলৰ ‘গদৰ-২’য়ে। হিন্দী চিনেমাৰ ইতিহাসত সকলোতকৈ দ্ৰুততৰভাৱে ৪৫০ কোটি আয় কৰা ছবিত পৰিণত হৈছে গদৰ-২। দুই এদিনতে ৫০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব ছানী দেওলৰ ছবিখনে। ছবিৰ সাফল্যক লৈ খুবেই উৎসাহী ছানী দেওল।
ছবিখনৰ সফলতাই আটাইতকৈ বেছি সুখী কৰিছে মুখ্য অভিনেতা ছানী দেওলক। দীঘলীয়া বিৰতিৰ অন্ততঃ ছানি দেওলে ছবিত অভিনয় কৰিছে। ছবিখনৰ বাবে কিমান ধন লৈছিল ছানী দেওলে সেই বিষয়টোৱেও চৰ্চা লাভ কৰিছে। এক সূত্ৰই প্ৰকাশ কৰামতে ছানী দেওলে ছবিখনত অভিনয় কৰাৰ বাবদ ৫০ কোটি টকা পাৰিশ্ৰমিক লৈছে। সঁচায়ে ছানীয়ে ইমান ধন লৈছেনে? বিষয়টোক লৈ নিজেই মুখ খুলিছে ছানী দেওলে।
২০০১ চনত গাদাৰ-এক প্ৰেমগাঁথা মুক্তি পাছত তেওঁৰ জীৱনত আৰু ভাল চিনেমাৰ অফাৰ অহা নাছিল। আৰম্ভ হৈছিল কেৰিয়াৰ কেন্দ্ৰীক যুদ্ধৰ। ছানীয়ে এই সন্দৰ্ভত কয়, ‘২০০১ চনত ‘গদৰ’ বক্স অফিচত চুপাৰহীট হোৱাৰ পাছত মোৰ প্ৰকৃত যুদ্ধ আৰম্ভ হয়। বক্স অফিচত চিনেমাখনে ভাল সমাদৰ লাভ কৰিছিল। তেতিয়ালৈ হিন্দী ছবিৰ ক্ষেত্ৰখন সীমিত আছিল। তাৰপিছতেই এই জগতৰ নতুন নাম হ’ল বলীউড। হিন্দী চিনেমাৰ ক্ষেত্ৰ বলীউড হোৱাৰ পিছত প্ৰতিযোগিতামূলক দিশবোৰ বেছিকৈ প্ৰতিফলিত হ’ব ধৰিলে। গদৰৰ বাদে মই কোনো নামজ্বলা ছবি বা পৰিচালকৰ সৈতে কাম কৰা নাছিলো। সেয়ে মই এই প্ৰতিযোগিতাত পিছপৰি থাকিলো।’
ধন কিমান লৈছে সেই বিষয়টোক লৈয়ো ছানীয়ে মন্তব্য কৰি কয়, ‘টকাপইছাৰ বিষয়টো একান্ত ব্যক্তিগত বিষয়। কোনো তাৰকাই জানো কেতিয়াৱা মুকলিকৈ ধন সম্পৰ্কীয় কথাবোৰ কয়? এই মুহূৰ্তত মই এটা কাৰণত খুবেই সুখী যে গদৰ-২ য়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















