জ্যোতিষশাস্ত্ৰত গজকেশৰী যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বৃহস্পতি আৰু চন্দ্ৰই একে ৰাশিত সংযোগ কৰিলে এই যোগ তৈয়াৰ হয়৷ ২০২৫ চনৰ ১০ নৱেম্বৰত এনে কিছু ঘটনা ঘটিব৷ এই দিনটোত চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিৰ গমন কৰিব৷ তাতেই বৃহস্পতিৰ সৈতে সংযোগ স্থাপন কৰিব, যিয়ে গজকেশৰী ৰাজযোগ তৈয়াৰ কৰিব৷ জানি থওক কোন ৰাশিৰ জাতকে এই যোগৰ পৰা শুভ ফল আশা কৰিব পাৰে?
মেষ ৰাশি
গজকেশৰী যোগ গঠন আপোনাৰ বাবে অত্যন্ত উপকাৰী প্ৰমাণিত হব৷ ভাগ্য আপোনাৰ অনুকূল হবলৈ আৰম্ভ কৰিব আৰু আপুনি বিভিন্ন ক্ষেত্ৰত সাফল্য পাব৷ এই সময়কালত বেকাৰ ব্যক্তিয়ে কৰ্মসংস্থান পাব পাৰে৷ আপোনাৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ পাৰিবাৰিক জীৱন খুবেই আনন্দময় হব৷ আপোনাৰ পিতৃ-মাতৃৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ আহিব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বাঢ়িব৷
কৰ্কট ৰাশি
আপোনাৰ ৰাশিত গজকেশৰী ৰাজযোগ তৈয়াৰ হব৷ আপুনি সুসংবাদ পাব পাৰে৷ আপুনি মানসিকভাৱে শক্তিশালী থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰিব৷ কেৰিয়াৰ সংক্ৰান্তিয় সমস্যাসমূহ শেষ হব আৰু আপুনি নতুন দিশা পাব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত আপোনাৰ আধ্যাত্মিক পথত আগুৱাবলৈ মন যাব পাৰে৷
কন্যা ৰাশি
আপোনাৰ লাভৰ ঘৰত গজকেশৰী ৰাজযোগ গঠনৰ সৈতে আপুনি লাভজনক অৱস্থানত থাকিব৷ এই সময়কালত ব্যৱসায়ীয়ে কাঙ্ক্ষিত আৰ্থিক লাভ অৰ্জন কৰিব পাৰে৷ আপুনি যদি বিদেশী বাণিজ্যৰ সৈতে জড়িত থাকে তেন্তে আপুনি এক ডাঙৰ চুক্তি নিশ্চিত কৰিব পাৰে৷ আপুনি সামাজিকভাৱে সক্ৰিয় থাকিব আৰু আপোনাৰ খ্যাতিও বৃদ্ধি পাব৷ এই ৰাশিৰ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলত পৰীক্ষাত সাফল্য লাভৰ সম্ভাৱনা আছে৷
মকৰ ৰাশি
আপোনাৰ সপ্তম ঘৰত গজকেশৰী যোগ গঠনৰ সৈতে আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত খুবেই ইতিবাচক পৰিবৰ্তন অনুভৱ কৰিব৷ আপোনাৰ পত্নীয়ে কামৰ মাধ্যমেৰে উপকৃত হব৷ আপুনি আপোনাৰ যিকোনো কাম অত্যন্ত দক্ষতাৰ সৈতে সম্পন্ন কৰিবলৈ সক্ষম হ’ব৷ আপোনাৰ অগ্ৰগতিৰ পথ খুলিব৷ ভাগ্যৰ সহায়ত আপুনি আপোনাৰ পছন্দৰ স্থানত চাকৰিও পাব পাৰে৷ পৰিয়ালৰ সৈতে আপোনাৰ বন্ধন বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















