কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী
কলকাতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক লৈ দেশজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে, পোহৰলৈ আহিছে আন এক ঘটনা। ৮ জনকৈ পাষণ্ডৰ নিকৃষ্টি মানসিকতাৰ বলি এগৰাকী যুৱতী। তাকো ভগ্নীৰ সুৰক্ষাৰ বাবে কথা দিয়া দিনটোতেই অৰ্থাৎ ৰক্ষাবন্ধনৰ দিনটোতেই দলবদ্ধ ধৰ্ষণৰ বলি যুৱতী।
সমগ্ৰ দেশতে নাৰীক ধৰ্ষণ আৰু অন্যান্য অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ছত্তীশগড়ৰ ৰায়গড় জিলাৰ পৰা পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ এক হৃদয় বিদাৰক গোচৰ। ইয়াত এগৰাকী জনজাতীয় মহিলাক ধৰ্ষণ কৰিলে ৮ জনকৈ লোকে।
ঘটনাৰ দুদিন পিছত আজিহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। আজি বুধবাৰে যুৱতীগৰাকীয়ে পুছাউৰ থানাত এজাহাৰ দাখিল কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, সোমবাৰে ৰক্ষাবন্ধন উৎসৱ পালন কৰাৰ পিছত তেওঁ নিজৰ ঘৰৰ সমীপত এখন স্থানীয় মেলা চাবলৈ গৈছিল।
https://x.com/chauchakmedia/status/1826156381482766738
সেই মেলাৰ পৰা উভতি অহাৰ সময়তে সেই ৮ পাষণ্ডই যুৱতীগৰাকীক বাটতে ৰখাই তাৰ পৰাই বলপূৰ্বকভাৱে উঠাই লৈ গৈ ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীয়ে আক্ষীক দিয়া ভাষ্য অনুসৰি সেই ৮ পাষণ্ডৰ ভিতৰত এজন অভিযুক্তক চিনি পায়। ঘটনাৰ পিছতে সেই চিনাকি অভিযুক্তই মহিলাগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ গোচৰ ৰুজু কৰি এই কাৰ্য্যৰ অংশ হিচাপে এতিয়ালৈকে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ