আদালতত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ মুখ খুলিছে জুবিন গাৰ্গে৷ গৰিমা গাৰ্গে কৈছে- ডিফেন্সে বাহিৰৰ পৰা নিজকে ষ্ট্ৰং কৰি তুলিছে৷ আমি চৰকাৰক অনুৰোধ জনাইছো, আমাক চিনিয়ৰ অধিবক্তা থকা টিম দিয়ক যিয়ে সৱলভাৱে যুঁজ দিয়ে৷ জুবিন গাৰ্গৰ প্ৰতি সকলোৰে আৱেগ আছে অভিমানো আছে সেয়ে সকলোবোৰ সঠিকভাৱে আগবাঢ়ক৷ স্পেছিয়েল কৰ্টৰ কথা আমি কৈছো, ফেছবুকতো লিখিছো আজিও কৈছো যাতে ডে টু ডে হিয়েৰিঙৰ ব্যৱস্থা হয়৷ আমি ৰিজাল্ট পাব লাগিব৷ অভিযুক্তই কঠোৰতকৈ কঠোৰতম শাস্তি পাওক৷ আমি কাতৰভাৱে চৰকাৰৰ ওচৰত সেই আবেদন জনাইছো৷ আদালতত যাতে সৱলভাৱে সেয়া হয় তাকেই বিচাৰিছো৷
অমৃতপ্ৰভাৱ অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰিছে৷ কিন্তু বেইল অৱজেকছনৰ তাৰিখ দিয়া হৈছে৷ আকৌ সিদ্ধাৰ্থই সুপ্ৰিম কৰ্টৰ অধিবক্তা লোৱাৰ কথা শুনিছো৷ শ্যামকানু মহন্তইয়ো কলিকতাৰ উকিল লৈছে৷ এতিয়া সকলোৱে নিজৰ নিজৰ অধিবক্তা লৈছে৷ শেখৰজ্যোতিৰ হৈয়ো কোনোবা অধিবক্তা লোৱা বুলি শুনিছো৷ সন্দীপন আৰু পৰেশ বৈশ্যৰ হৈয়ো কোনোবা অধিবক্তা আছে৷
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই৷ এই অসুৰকেইটা এই দানৱকেইটাই শাস্তি পাবই লাগিব৷ মই এইকেইটাক মানুহ বুলি নকওঁ৷ জুবিন মোৰ স্বামীয়েই নহয় সকলোৰে প্ৰাণৰ মানুহ আছিল৷ সেয়ে এইকেইটা অসুৰ বধ হ’বই লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















