ন্যায় বিচাৰি এইবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে বিশেষ ফেছবুক পোষ্ট। কি ঘটিছিল ছিংগাপুৰত, আজিও স্পষ্ট নহয় সেই কথা। জুবিনৰ সৈতে কি ঘটিছিল তাত থকা ৮প্ৰৱাসী অসমীয়া আৰু শেখৰ, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, সন্দীপনে কাষৰ পৰা দেখিলেও স্পষ্টকৈ কোনেও জনোৱা নাই সবিশেষ ঘটনাৰ বৰ্ণনা। চিআইডিয়ে ছিংগাপুৰৰ পৰা অসমলৈ ওভতি অহা আটাইকে তলব কৰি এতিয়াও সোধপোছ অব্যাহত ৰাখিছে। তেনে সময়তে জুবিন পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত ন্যায় বিচাৰি দিছে বিশেষ পোষ্ট। গৰিমা গাৰ্গে স্পষ্টকৈ লিখিছে-
‘The last one for this life…
But we will be together again,,very soon Goldie !
কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ ।
কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !
এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে।’
ইফালে জুবিন গাৰ্গৰ ভগ্নী পালমী বৰঠাকুৰেও সামাজিক মাধ্যমত ককায়েক জুবিনৰ ন্যায় বিচাৰি কৰিছে বিশেষ পোষ্ট। পালমী বৰঠাকুৰে লিখিছে-
‘আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….
এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!
ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ