ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক
২০১১ চনৰ বিশ্বকাপ জয়ৰ সেই মুহুৰ্ত। শচীন তেণ্ডুলকাৰৰ জীৱনৰ শেষৰ খন খেল। সেই খেলতেই ক্ৰিকেটৰ ভগৱানৰ হাতত দলে তুলি দিলে বিশ্বকাপ। কোটি কোটি দেশবাসীৰ চকুত সুখৰ অশ্ৰু। সেই বিশ্বকাপ জয়ত হাত উজান দিলে দলৰ সকলোৱে। খেলুৱৈৰ পৰা প্ৰশিক্ষক সকলোৰে কষ্টৰ ফল লাভ। পাছে সেই বিশ্বকাপ জয় কৰোতা প্ৰশিক্ষক এইবাৰ ভাৰতৰ চুবুৰীয়া দেশৰ ক্ৰিকেটদলৰহে প্ৰশিক্ষক।
গেৰী কাৰ্ষ্টেন এইবাৰ পাকিস্তান দলত। আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে পাকিস্তান ক্ৰিকেট দলে নতুন মুখ্য প্ৰশিক্ষক লাভ কৰিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দেওবাৰে ঘোষণা কৰিলে ৩ জন ভিন্ন প্ৰশিক্ষক।
সেই দলতেই আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ তথা ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন। গেৰীয়ে পাকিস্তান দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ জেছন গিলেস্পিয়ে টেষ্ট ক্ৰিকেটত পাকিস্তানী খেলুৱৈসকলক প্ৰশিক্ষক হিচাপে কাম কৰিব। পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ আজহাৰ মাহমুদে সকলো ফৰ্মেটতে দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে থাকিব।
আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ পিছত পিচিবিয়ে সহযোগী কৰ্মচাৰীৰ বহু পৰিৱৰ্তন সাধন কৰে। ব’ৰ্ডে প্ৰশিক্ষকৰ পৰা অধিনায়কলৈ সকলোকে সলনি কৰিলে। পিচিবিয়ে শ্বাহীন আফ্ৰিদিক টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে। পাছে নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ পৰাজয়ৰ পিছত পিচিবিয়ে পুনৰ অধিনায়কত্ব বাবৰ আজমৰ হাতত অৰ্পণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ